নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা যুদ্ধৰ মাজতে হঠাৎ অসুস্থ স্বাস্থ্যমন্ত্রী

আৰোগ্য কামনাৰে মন্দিৰ মছজিদ–গির্জাত প্রার্থনা মুখ্যমন্ত্রী–কেবিনেট সতীর্থৰ টুইট

নিয়মীয়া বাৰ্তা ১৫ জুনঃ ক’ভিড–১৯ৰ বিৰুদ্ধে চলি থকা সংগ্রামত দিন–ৰাতি একাকাৰ কৰা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দেওবাৰে সামান্যভাৱে অসুস্থ হৈ পৰে৷ ব্যস্ত কার্যসূচীৰ মাজতে দেওবাৰে পেটৰ বিষ অনুভৱ কৰাত ততালিকে মন্ত্রীগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)লৈ গৈ আল্ট্রাছ’ন’গ্রাফী কৰে৷ আল্টাছ’ন’গ্রাফীৰ ৰিপ’টত মন্ত্রীগৰাকীৰ কিডনীত ৩.৭৬ মিলিমিটাৰ জোখৰ এটা ষ্ট’ন ধৰা পৰে৷ এই সন্দর্ভত জিএমচিএইচৰ অধীক্ষক অভিজিৎ শর্মাই জানিবলৈ দিয়া মতে, এনএইচএমৰ কার্যালয়ত এক ভিডিঅ কনফাৰেঞ্চত ব্যস্ত থকাৰ সময়তে পেটৰ বিষ অনুভৱ কৰাৰ পিছত জিএমচিএইচলৈ তেওঁক পৰীক্ষাৰ বাবে অনা হয়৷ ইউৰ’লজী বিভাগৰ চিকিৎসকে পৰীক্ষা কৰাৰ পিছত তেওঁৰ এই ষ্ট’নটো ধৰা পৰে৷ অৱশ্যে গুৰুতৰ নোহোৱা হেতুকে তেওঁক বিষ উপশমৰ বেজী দিয়াৰ লগতে এটা চেলাইনো দিয়া হয়৷ চিকিৎসকে তেওঁক কিছুদিন ঘৰতে বিশ্রামৰ পৰামর্শ দিছে৷

উল্লেখ্য যে ৰাজ্যত ক’ৰোনা প্রতিৰোধৰ যুঁজত প্রতিদিনে ১৮–২০ ঘণ্টাকৈ কর্মৰত হৈ সন্মুখৰ পৰা নেতৃত্ব দি থকা স্বাস্থ্যমন্ত্রীগৰাকীৰ্ এনে অসুস্থতাক লৈ চিকিৎসকসকল বিশেষভাৱে ব্যস্ত হৈ পৰে৷ কিন্তু তেওঁৰ এই অসুস্থতা গুৰুতৰ নোহোৱা বিষয়টোৱে সকলোকে আশ্বস্ত কৰিছে৷ আনহাতে মন্ত্রীগৰাকীৰ অসুস্থতাত উদ্বিগ্ণ হৈ পৰা বহু গুণমুগ্ধই গুৱাহাটীৰ বিভিন্ন মন্দিৰত চাকি জ্বলাই প্রার্থনা কৰে৷ আনকি ৰাজ্যৰ বিভিন্ন প্রান্ততো স্বাস্থ্যমন্ত্রীৰ আশু আৰোগ্যৰে মন্দিৰ–মছজিদ–গিৰ্জাত  প্রার্থনা জনায় বহুজনে৷

উল্লেখ্য যে মন্ত্রীগৰাকীয়ে টুইটযোগে নিজৰ অসুস্থতাৰ কথা অৱগত কৰাৰ লগতে দেওবাৰে দিনটো চিকিৎসকৰ পৰামর্শ অনুসৰি বিশ্রাম লোৱাৰ কথাও সদৰী কৰে৷ ইফালে, স্বাস্থ্যমন্ত্রীৰ অসুস্থতাৰ খবৰ পোৱাৰ পিছতেই টুইটাৰযোগে উদ্বিগ্ণতা প্রকাশ কৰিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ দেওবাৰে টুইটযোগে মুখ্যমন্ত্রীয়ে এইবুলি উল্লেখ কৰে– ‘হিমন্ত তুমি নিজৰ স্বাস্থ্যৰ প্রতি মনোযোগ নিদিয়াকৈ যথেষ্ট কষ্ট কৰা৷ তোমাৰ সু–স্বাস্থ্য ৰাজ্যৰ প্রতিজনৰ বাবে গুৰুত্বপূর্ণ৷ সোনকালে আৰোগ্য হোৱা৷ মোৰ শুভেচ্ছা সদায়ে তোমাৰ সৈতে আছে৷’  আনহাতে মন্ত্রী অতুল বৰা, চন্দ্রমোহন পাটোৱাৰী আৰু অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱেও টুইটযোগে ড০ শর্মাৰ আশু আৰোগ্য কামনা কৰে৷

You might also like