নিয়মীয়া বাৰ্তা ১৬ জুনঃ ৭৭ সংখ্যক মৃত্যু দিৱসৰ দিনটোতো সোমবাৰে ধুবুৰীত এলাগী হৈ থাকিল শ্বহীদ কুশল কোঁৱৰ৷ চহৰখনৰ ১নং ৱার্ডৰ ব্রহ্মপুত্রৰ নদীৰ পাৰৰ সৰু ৰাজহুৱা উদ্যানত থকা কুশল কোঁৱৰৰ পূর্ণাংগ অৱয়বৰ প্রতিমূর্তিটোত শ্রদ্ধা জনাবলৈ আহৰি নাপালে কোনোৱে৷ জিলা প্রশাসনৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজনৈতিক–ৰাজনৈত্ দলৰ স্থানীয় নেতা–কর্মী, ব্যক্তি, প্রতিষ্ঠান সকলোৰে উপেক্ষাৰ পাত্র হৈ ৰ’ল অমৰ শ্বহীদগৰাকী৷ লগতে পৰিতাপৰ বিষয় যে প্রতিমূর্তি থকা সেই সৰু উদ্যানখন আজি শ্বহীদগৰাকীৰ মৃত্যু দিৱসৰ দিনাও কৰা নহ’ল পৰিষ্কাৰ৷