বিশ্বনাথৰ পৰা মায়ানগৰীলৈ সফল সাংস্কৃতিক যাত্রা যুৱ প্রতিভাৰ
পৰিচালকৰূপে বলীউডত অভিষেক ভার্গৱ শইকীয়াৰ
নিয়মীয়া বাৰ্তা ১৬ জুনঃ ক’ৰোনাৰ মহা আতংকৰ মাজতে এটা ভাল খবৰ৷ মুম্বাইৰ মায়ানগৰীত কদৰ বাঢ়িছে অসমীয়া যুৱ প্রতিভাৰ৷ অভিনয় নহয়, এইবাৰ পূর্ণাংগ ছবিৰ পৰিচালক৷ বিশ্বনাথ চাৰিআলিৰ যুৱ প্রযোজক ভার্গৱ শইকীয়াই এইবাৰ পূর্ণাংগ হিন্দী ছবিৰ পৰিচালকৰ ৰূপত আত্মপ্রকাশ কৰিব৷ ‘এৱেকিনিংছ’ আৰু প্রখ্যাত ইংৰাজী লেখক ৰাস্কিন বণ্ডৰ কাহিনীৰে প্রয়াত টম আল্টাৰ আৰু চেহনাজ পাটিল অভিনীত ‘ব্লেক কেট’ চুটি ছবি দুখন পৰিচালনাৰ পিছত ভার্গৱে ‘বক্সী’ নামৰ ভৌতিক আৰু কাল্পনিক (ফেণ্টাছী) হিন্দী পূর্ণাংগ ছবিখনৰ জৰিয়তে পূর্ণাংগ ছবিৰ পৰিচালক ৰূপে বলীউডত ভুমুকি মৰাৰ প্রস্তুতি চলাইছে৷ প্রযোজক আৰু পৰিচালক ভার্গৱ শইকীয়াই জানিবলৈ দিয়া মতে, বিদেশৰ এগৰাকী প্রখ্যাত চিত্রশিল্পীয়ে প্রস্তুত কৰা ‘বক্সী’ৰ পোষ্টাৰখনত জুইশিখাৰ মাজত এগৰাকী ষোডশী নাৰী আৰু নাৰীগৰাকীৰ পিছফালে ৰক্ত চন্দ্রৰ (সম্পূর্ণ চন্দ্রগ্রহণ) এখন আলোকচিত্র৷ আৰু ক’লা এঙাৰেৰে লিখা ‘বক্সী’ নামটোৱেই নির্মাণ হ’বলগীয়া ছবিখন যে ভৌতিক আৰু কাল্পনিক (ফেণ্টাছী) স্তৰৰ হ’ব, তাৰেই ইংগিত বহন কৰিছে৷ নৱপ্রজন্মৰ লেখক হর্ষ বৈভৱে ‘বক্সী’ৰ চিত্রনাট্য লিখি উলিয়াইছে৷ শীতকাল অহাৰ লগে লগে উত্তৰ–পূব ভাৰতৰ কেইবাখনো ঠাইত ছবিখনৰ দৃশ্য গ্রহণ আৰম্ভ হ’ব৷স্মর্তব্য যে ভাৰতবর্ষৰ খ্যাতনামা বোলছবি সমালোচকৰ দ্বাৰা গঠিত ‘ফিল্ম ক্রিটিকছ গীল্ড অৱ ইণ্ডিয়া’ই ২০১৮ চনত আয়োজন কৰা ‘ক্রিটিকছ চইচ চুটি বোলছবি এৱার্ড’ত ভার্গৱৰ ‘ব্লেক কেটে’ শ্রেষ্ঠ চিনেমাট’গ্রাফী আৰু শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা পোৱাৰ উপৰি শ্রেষ্ঠ চুটি বোলছবি আৰু শ্রেষ্ঠ পৰিচালকৰ বঁটালৈ মনোনীত হৈছিল৷ ভার্গৱৰ পৰিচালনাত ‘এৱেকিনিংছ’ চুটি বোলছবিখনৰ জৰিয়তে উজলি উঠা আন এগৰাকী অভিনেত্রী পালমি ঘোষ বর্তমান জনপ্রিয় ৱেব চেনেল ‘নেটফ্লিক্স’ৰ ‘টাইপৰাইটাৰ’ নামৰ ৱেব ছিৰিজত মুখ্য ভূমিকাত অৱতীর্ণ হৈছে৷ আন্তঃৰাষ্ট্রীয় পর্যায়ত বহু খ্যাতি আৰু বঁটা বুটলা ‘এৱেকিনিংছ’ নামৰ চুটি বোলছবিখনে ২০১৫ চনত ছুইজাৰলেণ্ডৰ ‘নিউচাটেল’ আন্তঃৰাষ্ট্রীয় বোলছবি মহোৎসৱ’ আৰু ২০১৬ চনত স্পেইনৰ ‘সিতজেছ আন্তঃৰাষ্ট্রীয় বোলছবি মহোৎসৱ’ৰ নিচিনা বিশ্ববিশ্রুত মহোৎসৱত বিশেষভাৱে সমাদৃত হৈছিল৷ কিছুদিন আগতে আমেৰিকা যুক্তৰাষ্ট্রৰ আগশাৰীৰ ভৌতিক বেণ্ড ‘আল্টাৰ’ নামৰ সন্থাটোৱে ‘এৱেকিনিংছ’ক বৈদ্যুতিক মাধ্যমেৰে মুক্তি দিয়ে৷ ‘বক্সী’ পূর্ণাংগ হিন্দী ছবিখন ভার্গৱৰ নিজা প্রডাকচন ‘ল’ৰিয়েন ম’চন পিক্সাৰছ’ নামৰ প্রডাকচনৰ বেনাৰত মুক্তি পাব৷ উল্লেখ্য যে ‘ল’ৰিয়েন ম’চন পিক্সাৰছ’ৰ অধীনত কাশ্মীৰৰ কাহিনীৰ ওপৰত নির্মিত বহু চর্চিত ‘কাঁফিৰোঁকি নামাজ’ নামৰ পূর্ণাংগ হিন্দী ছবিখন ২০১৪ চনত দক্ষিণ কোৰিয়াৰ ‘জিয়াংজু আন্তঃৰাষ্ট্রীয় বোলছবি মহোৎসৱ’ত প্রিমিয়াৰ হোৱাৰ উপৰি ছাউথ কোৰিয়াত ‘বুচান আন্তঃৰাষ্ট্রীয় ফেণ্টাষ্টিক বোলছবি মহোৎসৱে’ আয়োজন কৰা বিশ্ববিখ্যাত ‘নেটৱর্ক অৱ এছিয়ান ফেণ্টাষ্টিক ফিল্মছ কো–প্রডাকচন মার্কেট’ত ‘অর্ডিয়েল’ নামৰ বোলছবি প্রজেক্টটো উপস্থাপন কৰিবলৈ সুযোগ লাভ কৰিছিল৷ প্রায় চালুকীয়া অৱস্থাত থকা ভাৰতীয় হিন্দী ভৌতিক আৰু কাল্পনিক (ফেণ্টাছী) ছবি জগতখনক আগুৱাই নিবলৈ নৱপ্রজন্মৰ বহুকেইজনে চেষ্টা অব্যাহত ৰাখিছে৷ এইক্ষেত্রত ‘বক্সী’ এই ভৌতিক আৰু কাল্পনিক (ফেণ্টাছী) বোলছবিখনক লৈ ভার্গৱ খুবেই আশাবাদী৷