মহানগৰীত আজিৰে পৰা আৰম্ভ ৫০ হাজাৰ লোকৰ ক’ভিড পৰীক্ষা
নিয়মীয়া বাৰ্তা ১৬ জুনঃ দ্রুতগতিত বৃদ্ধি পোৱা ক’ৰোনা আক্রান্তৰ সংখ্যাই ৰাজধানী চহৰ গুৱাহাটীলৈ নমাই অনা বিভীষিকাৰ মাজতে আজিৰে পৰা মহানগৰীত আৰম্ভ হ’ব ৫০ হাজাৰ লোকৰ ক’ভিড–১৯ পৰীক্ষা৷ যোৱা সময়ছোৱাত মহানগৰীৰ বিভিন্ন প্রান্তত ট্রেভেল হিষ্ট্রী নথকা ২৫জন লোক ক’ৰোনাত আক্রান্ত হোৱা ঘটনাই গুৱাহাটীত সামাজিক সংক্রমণৰ সম্ভাৱনা বঢ়াই তুলিছে৷ বিশেষকৈ মহানগৰীৰ কেইবাটাও ব্যৱসায়িক অঞ্চলত যোৱা ২৪ ঘণ্টাত সংক্রমণ বৃদ্ধিয়ে গুৱাহাটীবাসীক চিন্তিত কৰি তোলাই নহয়, ইয়াৰ পৰা পৰিত্রাণ বিচাৰি পুনৰ লকডাউনৰ দাবী তুলিছে৷ এনে পৰিস্থিতিৰ মাজতে আজিৰে পৰা গুৱাহাটীৰ ১২টা স্থানত ক’ভিড পৰীক্ষাৰ বাবে বিশেষ প্রস্তুতি আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে৷ উল্লেখ্য যে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ স্পষ্ট কৰিছিল যে গুৱাহাটীত সামাজিক সংক্রমণ আৰম্ভ হৈছে নে নাই, তাক পৰীক্ষা কৰাৰ পিছতহে সকলো পৰিষ্কাৰ হ’ব৷ সেয়েহে মহানগৰীত ৫০ হাজাৰ লোকৰ ক’ভিড পৰীক্ষা কৰা হ’ব৷ এই পৰীক্ষাৰ ফলাফল অনুসৰি যদি পৰিস্থিতি অৱনমিত হয়, তেন্তে প্রয়োজনত গুৱাহাটীবাসীয়ে পুনৰ লকডাউনৰ বাবে সাজু হ’ব লাগিব৷ স্বাস্থ্যমন্ত্রীগৰাকীৰ্ উক্ত ঘোষণামর্মে আজিৰে পৰা ৩০ জুনলৈ মহানগৰীৰ ১২খন চিকিৎসালয়ত স্বাস্থ্য বিভাগে সংগ্রহ কৰিব ৫০ হাজাৰ লোকৰ ছোৱাব৷ যিসকল লোকে ভয়াৱহ ভাইৰাছবিধৰ দ্বাৰা সংক্রমণ হোৱাৰ শংকাত ভুগিছে বা নিজৰ সুৰক্ষাৰ বিষয়ে সাৱধান হ’ব খোজে, সেইসকল লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, মহেন্দ্র মোহন চৌধুৰী হাস্পতাল, ধীৰেনপাৰা, পাণ্ডু প্রাথমিক চিকিৎসালয়, উলুবাৰী আৰবান হাস্পতাল, দিছপুৰ ৰাজধানী স্বাস্থ্য কেন্দ্র, খানাপাৰা, ভেটাপাৰা, লখৰা, বামুণীমৈদাম, শান্তিপুৰ ৰাজ্যিক চিকিৎসালয় আৰু ওদালবাক্রা এনপিএইচচিত নিজৰ ছোৱাব পৰীক্ষাৰ বাবে দিব পাৰিব৷ অহা ৭ দিনৰ ভিতৰত সংগ্রহ হোৱা ছোৱাবৰ ফলাফল যদি উদ্বেকজনক হয় অথবা আক্রান্ত লোকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি হয়, তেন্তে ৰাজ্য চৰকাৰে লকডাউনৰ সিদ্ধান্ত অহা সপ্তাহৰ ভিতৰতে গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই অলপতে এই ইংগিত প্রদানৰ পিছতে মহানগৰীত এতিয়া আৰম্ভ হৈছে নানা চর্চা৷ বিশেষকৈ গুৱাহাটীৰ একাংশ অঞ্চলত প্রতিদিনে ট্রেভেল হিষ্ট্রী নথকা লোকৰ সংখ্যা বৃদ্ধিৰ ঘটনাই শংকিত কৰা মহানগৰীৰ বহু লোকে পুনৰ লকডাউনৰ দাবী উত্থাপন কৰিছে৷ ইফালে, গুৱাহাটীত সামাজিক সংক্রমণৰ সৃষ্টি কৰা উৎস বুলি চিনাক্ত হোৱা গুদাম, পার্কিং প্লেচ, পেট্র’ল ডিপোত জিলা প্রশাসনে নিজাকৈ ক’ভিড পৰীক্ষা আৰম্ভ কৰিব কাইলৈ৷ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়া মতে, কাইলৈৰ পৰা মহানগৰীৰ ধীৰেনপাৰা, ফাঁচীবজাৰ, পাণবজাৰ, আঠগাঁও আদি এলেকাত থকা ২০০ গুদাম আৰু ৩৬টা ট্রাকৰ পার্কিং প্লেচত ছোৱাব সংগ্রহ কৰা হ’ব৷ স্বাস্থ্য বিভাগৰ দলে এই গুদাম, পার্কিং প্লেচৰ লগত নির্দিষ্ট কেইটামান পেট্র’ল পাম্প আৰু ভিৰ হোৱা ব্যৱসায়িক অঞ্চলতো ক’ভিড পৰীক্ষা চলোৱা হ’ব৷ ইফালে, স্বাস্থ্য বিভাগৰ সূত্রই জানিবলৈ দিয়া মতে, ইচ্ছাকৃতভাৱে ছোৱাব দিবলৈ অহা লোকতকৈ ৰেণ্ডম টেষ্টৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হৈছে৷ বিশেষকৈ ধীৰেনপাৰা, আঠগাঁও, পাণবজাৰ আৰু ফাঁচীবজাৰত কাইলৈৰ পৰা আৰম্ভ কৰিব লগা টেষ্টসমূহ যথেষ্ট গুৰুত্বপূর্ণ হ’ব৷