নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিকল্পিতভাৱে হত্যা কৰা হৈছে অভিনেতা সুশান্তকঃ মোমায়েকৰ অভিযোগ

নিয়মীয়া বাৰ্তা ১৬ জুনঃ  ৪৮ ঘণ্টা উকলি গ’ল, এতিয়াও আঁতৰা নাই বলীউডৰ জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ৰহস্য৷ দেওবাৰে আগবেলা নিজৰ শোৱনি কোঠাত বিছনাৰ চাদৰেৰে ডিঙিত ফাঁচ লগাই আত্মহত্যা কৰা সুশান্তৰ অনাহূত মৃত্যুক লৈ এতিয়াও তীব্র চাঞ্চল্য আৰু ৰহস্যৰ সৃষ্টি হৈ আছে দেশজুৰি৷ দেওবাৰে নিশা মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত আজি পিতৃ–ভগ্ণী তথা নিকটাত্মীয় আৰু বন্ধু–বান্ধৱীৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ কিন্তু এই শেষকৃত্য সম্পন্ন কৰাৰ পূর্বেই সুশান্তক পৰিকল্পিতভাৱে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ এই অভিযোগ উত্থাপন কৰিছে সুশান্তৰ মোমায়েক আৰ চি সিঙে৷ মোমায়েক সিঙে অভিযোগ কৰে যে তেওঁৰ ভাগিনে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে, সুশান্তক হত্যা কৰা হৈছে৷ আনকি আৰ চি সিঙে এই ঘটনা সন্দর্ভত প্রকৃত সত্যতা নিৰূপণৰ বাবে চি বি আই তদন্তৰ দাবী জনাইছে৷ সিঙে আনকি যোৱা সপ্তাহত আত্মহত্যা কৰা সুশান্তৰ প্রাক্তন মেনেজাৰ দিশা ছালিয়াকো পৰিকল্পিতভাৱে হত্যা কৰাৰ গুৰুতৰ অভিযোগ তুলিছে৷ তেওঁৰ মতে আত্মহত্যাৰ ৰূপ দিব বিচৰা এই দুয়োটা হত্যাৰ মাজত এক গভীৰ সম্পর্ক আছে আৰু চি বি আইৰ সঠিক তদন্তইহে এই ৰহস্য উদ্ঘাটন কৰিব পাৰিব৷ ইফালে, বিহাৰৰ জন অধিকাৰ পার্টীৰ প্রধান পাপ্পু যাদৱেও সুশান্তৰ মৃত্যুৰ আঁৰত গভীৰ ৰহস্যৰ গোন্ধ পাইছে আৰু তেওঁ চি বি আইৰ তদন্তৰ দাবী কৰিছে৷ ‘একেবাৰে শূন্যৰ পৰা উঠি আহি বলীউডত এখন নিগাজী স্থান দখল কৰা সুশান্ত প্রকৃতার্থতে এজন ভদ্র লোক আৰু কর্মদক্ষ লোক আছিল৷ তেওঁ এনেদৰে নিজৰ জীৱন নিঃশেষ কৰিব বুলি মই কেতিয়াও নাভাবোঁ৷’–পাপ্পুৱে কয়৷ উল্লেখ্য যে পাটনাৰ এজন চৰকাৰী কর্মচাৰীৰ পাঁচটি সন্তানৰ নুমলীয়া আছিল সুশান্ত সিং ৰাজপুত৷ সর্বভাৰতীয় জে ই ই পৰীক্ষাত দেশৰ ভিতৰতে সপ্তম স্থান দখল কৰা তথা ফিজিক্স অলিম্পিয়াডত স্বর্ণপদক লাভ কৰা সুশান্তে ইঞ্জিনীয়াৰিং পাঠ্যক্রমৰ শেষ বর্ষত অধ্যয়ন বাদ দি অভিনয় জগতলৈ আহিছিল৷ জনপ্রিয় টিভি ছিৰিয়েল ‘পৱিত্র ৰিস্তা’ত দুর্দান্ত অভিনয় কৰি দেশজুৰি পৰিচিত হৈ পৰা সুশান্তই পিছলৈ হিন্দী চিনেমা জগতত পদার্পণ কৰিছিল আৰু কেইবাখনো হিট ছবি দর্শকক উপহাৰ দিছিল৷ ২০১৩ চনত ‘কাই প’ চে’ ছবিৰ জৰিয়তে বলীউডত আত্মপ্রকাশ কৰা সুশান্তৰ অন্তিমখন ছবি আছিল নীতিশ তিৱাৰীৰ ‘চিচ’ৰে’৷
আৰক্ষীয়ে চলাইছে জোৰ তদন্ত
দেশজুৰি ৰহস্য সৃষ্টি কৰা সুশান্তৰ আত্মহত্যাৰ ঘটনাটো মুম্বাই আৰক্ষীয়ে যথেষ্ট গুৰুত্বসহকাৰে লৈছে আৰু ইতিমধ্যে তদন্ত প্রক্রিয়া আৰম্ভ কৰিছে৷ মৰণোত্তৰ পৰীক্ষাৰ প্রাথমিক প্রতিবেদনৰ ভিত্তিত আৰক্ষীয়ে সুশান্তই আত্মহত্যা কৰা বুলিয়েই নিশ্চিত কৰিছে যদিও আনসকলো এংগ্ল পৰীক্ষা কৰি আছে৷ আনকি অভিনেতাগৰাকীৰ বেংক একাউণ্টটো পৰীক্ষা কৰিছে মুম্বাই আৰক্ষীয়ে৷ আৰক্ষীৰ মতে সুশান্তৰ বেংক একাউণ্টত বিশেষ অস্বাভাৱিকতা ধৰা পৰা নাই আৰু তেওঁৰ বিত্তীয় অৱস্থা যথেষ্ট সন্তোষজনকেই আছিল৷ আৰক্ষীয়ে সুশান্তৰ ঘনিষ্ঠ বন্ধু, প্রাক্তন প্রেমিকা আৰু বর্তমানৰ প্রেয়সী ৰিয়া চক্রৱর্তীকো সোধা–পোছা কৰাৰ বাবে থিৰাং কৰিছে৷

You might also like