মেষঃ আনন্দপ্রাপ্তিৰ যোগ৷ নতুন কোনো কর্মত আনন্দ পাব৷ ব্যৱসায় বা স্বাধীন কর্মজীৱনৰ প্রতি আস্থা থাকিব৷ পঢ়াত বাধা কম৷ শুভ বর্ণ পাতল গুলপীয়া৷ আজি এই ৰং ব্যৱহাৰ কৰক৷ পুৱাৰ ভাগত যাত্রা কৰক৷
বৃষঃ কর্মক্ষেত্রত ব্যস্ততা বাঢ়িব৷ উচ্চ শিক্ষাৰ কাৰণে একাধিক সুযোগ পাব৷ দৈহিক দুশ্চিন্তা থাকিব৷ দূৰ ভ্রমণ হ’ব পাৰে৷ ভ্রমণ কৰাৰ আগতে পূজা কৰিব৷ ক’লা ৰঙৰ কাপোৰ ব্যৱহাৰৰ পৰা বিৰত থাকক৷
মিথুনঃ কর্মত সাফল্য আৰু মর্যাদা বৃদ্ধি পাব৷ বিবাহ প্রার্থীৰ বাবে শুভ দিন৷ ব্যৱসায়ৰ ক্ষেত্রতো শুভ প্রভাৱ পৰিব৷ আজি আপুনি ক্রীম ৰঙৰ কাপোৰ পৰিধান কৰক৷ লগত এখন ক্রীম ৰঙৰ ৰুমালো ৰাখিব৷
কর্কটঃ চাকৰিয়ালৰ বাবে শুভ দিন৷ কর্মক্ষেত্রত পৰিস্থিতি আকস্মিক জটিল হ’ব পাৰে৷ নিবনুৱাৰ কর্ম লাভৰ যোগ৷ আজি আপুনি পৰাপক্ষত যাত্রা নকৰিব৷ অতি প্রয়োজন হ’লে দিনৰ তিনি বজাৰ পিছত কৰিব৷ হালধীয়া ৰং ব্যৱহাৰ কৰক৷
সিংহঃ ছাত্র–ছাত্রীৰ বাবে শুভ৷ বৈবাহিক জীৱনত কিছু বাধা থাকিব৷ চাকৰিত শুভ যোগাযোগ৷ নীলা ৰঙৰ কাপোৰৰ ব্যৱহাৰে আপোনাৰ কর্মত সফলতা আনিব৷ ভ্রমণৰ যোগ৷
কন্যাঃ ব্যৱসায়ত লাভৰ কাৰকতা৷ বিদ্যাত চিন্তা কম৷ ঘৰুৱাত সুখ অনুভৱ কৰিব৷ পুৱা দহ বজাৰ পিছত যাত্রা কৰিব৷ আপোনাৰ শুভ ৰং সেউজীয়া৷ সেউজীয়া ৰং ব্যৱহাৰ কৰক৷
তুলাঃ নতুন প্রতিষ্ঠিত ব্যৱসায়ীৰ কাৰণে দিনটো শুভ৷ বিদ্যার্থীসকলৰ কাৰণে দিনটো ভাল৷ বিদ্যার্থীয়ে আজি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ বর্ণ বেঙুনীয়া৷
বৃশ্চিকঃ মজলীয়া সংযোগ৷ কর্মত সৰু সুৰা বাধা থাকিব৷ আজি আপুনি ভ্রমণ কৰিলে সাৱধানে কৰিব৷ পৰাপক্ষত ভ্রমণ নকৰাই ভাল৷ শুভ বর্ণ মেৰুণ৷ মেৰুণ ৰং ব্যৱহাৰ কৰক৷
ধনুঃ বিদ্যাত মধ্যম ফল পাব৷ সন্তানৰ বাবে দায়িত্ব বৃদ্ধি৷ কর্মাদিত শৃংখলা অটুট থাকিব৷ ৰঙা কাপোৰ আৰু ৰুমাল লগত ল’ব৷ প্রেমত শুভ৷
মকৰঃ ফৰকাল যেন অনুভৱ হ’ব৷ বন্ধু–বান্ধৱীৰ পৰা আশানুৰূপ সহানুভূতি৷ ভ্রমণত বাধা আছে৷ বিদ্যার্থীৰ বাবে শুভ দিন৷ শুভ বর্ণ পাতল নীলা৷ পুৱা তুলসীৰ তলত পানী ঢ়ালক৷
কুম্ভঃ আৱেগিকতাক বেছি গুৰুত্ব নিদিব৷ শৰীৰৰ অশান্তি থাকিব৷ ব্যৱসায়ত মধ্যম প্রগতি৷ আজি আপুনি চকলেট ৰঙৰ কাপোৰ পিন্ধক৷ এই ৰঙে আপোনাৰ সাফল্য আনিব৷
মীনঃ সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব৷ দৈহিক দিশত শুভ৷ ঘৰুৱাত কিছু দুশ্চিন্তা থাকিব৷ কমলা আপোনাৰ বাবে আজি শুভ ৰং৷ প্রেমত মধ্যম৷