লাডাখ সংঘর্ষৰ প্রতিবেদন প্রধানমন্ত্রীক দাখিল ৰাজনাথ সিঙৰ
বৈদেশিক মন্ত্রী–তিনি সেনাপ্রধানৰে জৰুৰী বৈঠক
নিয়মীয়া বাৰ্তা ১৭ জুনঃ লাডাখত সোমবাৰে ভাৰত–চীন সেনাৰ মাজত সংঘটিত ভয়ানক সংঘর্ষৰ পাছতে উত্তপ্ত হৈ পৰিছে দুয়োখন দেশৰ সীমান্ত৷ পৰিস্থিতি অত্যন্ত জটিল হৈ পৰাৰ সময়তে মঙলবাৰে কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে তেওঁৰ চৰকাৰী বাসভৱনত কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয়শংকৰ, চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আৰু ভাৰতীয় সেনাৰ তিনিওটা বাহিনীৰ মুৰব্বীৰে এখন জৰুৰীৰ গুৰুত্বপূর্ণ পর্যালোচনা বৈঠকত মিলিত হয়৷ পুৱা অনুষ্ঠিত এই বৈঠকত ভাৰতীয় সেনাবাহিনীৰ প্রধান মনোজ মুকুন্দ নাৰাৱানে সোমবাৰে নিশা সংঘটিত সংঘর্ষৰ সবিস্তাৰ তথ্য দাঙি ধৰে৷ সীমান্তত ভাৰতৰ পৰৱর্তী পদক্ষেপ কি হ’ব, সেই সন্দর্ভতো এই বৈঠকত আলোচনা কৰা হয়৷ ভাৰতৰ পদক্ষেপ সম্পর্কত বৈদেশিক পৰিক্রমামন্ত্রী এছ জয়শংকৰৰো মতামত লয় ৰাজনাথ সিঙে৷ জানিব পৰা মতে, বৈঠকখনত মিলিত হোৱাৰ পূর্বে ৰাজনাথ সিঙে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে এক টেলিফোনিক আলোচনা কৰে৷ প্রায় ৯০ মিনিট ধৰি সেনা মুৰব্বীসকলৰ সৈতে বৈঠকত আলোচনা কৰাৰ পাছত ৰাজনাথ সিঙে প্রধানমন্ত্রীক সাক্ষাৎ কৰি গলৱালৰ সংঘর্ষৰ বিস্তাৰিত প্রতিবেদন দাখিল কৰে৷ এই বৈঠকৰ পাছতেই নিশা সুৰক্ষা সম্পর্কীয় কেবিনেট কমিটীৰ বৈঠক প্রধানমন্ত্রী মোদীৰ বাসভৱনত অনুষ্ঠিত হয়৷ লাডাখত ভাৰত–চীন সেনাৰ মাজৰ সংঘাতক লৈ অনুষ্ঠিত এই চিচিএছৰ বৈঠকত প্রধানমন্ত্রী মোদীৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিত্তমন্ত্রী নির্মলা সীতাৰমণ, প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্রমামন্ত্রী এছ জয়শংকৰ উপস্থিত থাকে৷ একেদিনাই ৪খনকৈ গুৰুত্বপূর্ণ বৈঠকত লাডাখত আগ্রাসী চীনৰ বিৰুদ্ধে কিধৰণৰ পদক্ষেপ গ্রহণ কৰে, তাক লৈও আলোচনা চলে বুলি বিশেষ সূত্রত প্রকাশ পাইছে৷