নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধ ষ্টেডিয়ামত আজিৰে পৰা পুনৰ আৰম্ভ হ’ব ইংলিছ প্রিমিয়াৰ লীগ

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণৰ বাবে প্রায় তিনি মাহ বন্ধ হৈ থকা ইংলিছ প্রিমিয়াৰ লীগ কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব৷

বিশ্বৰ সবাতোকৈ জনপ্রিয় ফুটবল লীগখন অৱশ্যে দর্শকে ষ্টেডিয়ামত বহি উপভোগ কৰিব নোৱাৰিব৷ ক’ৰোনা প্রতিৰোধী নীতি–নিয়মৰ অধীনত প্রিমিয়াৰ লীগ কর্তৃপক্ষই দর্শক অবিহনেহে প্রতিযোগিতাখন আয়োজনৰ অনুমতি দিছে৷ কাইলৈ প্রত্যাৱর্তন ঘটিবলগীয়া প্রতিযোগিতাখনৰ প্রথমখন মেচত দেখিবলৈ পোৱা যাব এষ্টন ভিলা আৰু শ্বেফিল্ড ইউনাইটেডক৷

ভিল্লা পার্কত অনুষ্ঠিত হ’বলগীয়া মেচখন ভাৰতীয় সময় অনুসৰি নিশা ১০.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ ইফালে, মানচেষ্টাৰ চিটী ১৮ জুনত আর্ছেনালৰ বিৰুদ্ধে দীর্ঘদিনৰ মূৰত পুনৰ খেলপথাৰত নামিব৷ মন কৰিবলগীয়া যে লিভাৰপুলে মানচেষ্টাৰ চিটীতকৈ ২৫ পইণ্ট অধিক লাভ কৰি এই মুহূর্তত ইংলিছ প্রিমিয়াৰ লীগৰ খিতাপ জয়ৰ শক্তিশালী দাবীদাৰ হৈ আছে৷

মহামাৰীৰ বাবে মার্চত প্রতিযোগিতাখন স্থগিত হোৱাৰ সময়ত শীর্ষস্থান লাভ কৰি থকা লিভাৰপুলে সুদীর্ঘ ৩০ বছৰৰ মূৰত ই পি এলৰ খিতাপ জয়ৰ সুৱর্ণ সুযোগ লাভ কৰিছে৷ অহা ২১ জুনৰ নিশা ১১.৩০ বজাত লিভাৰপুলে এভাৰটনৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

You might also like