গ্রেগ চেপেলে ধ্বংস কৰিছিল ভাৰতীয় দলঃ হৰভজনৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ১৭ জুনঃ প্রাক্তন প্রশিক্ষক তথা অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেটাৰ গ্রেগ চেপেলে এটা সময়ত ভাৰতীয় দলক সম্পূর্ণৰূপে ধ্বংস কৰি দিছিল৷ তেওঁৰ কার্যকালতে ভাৰতে বাংলাদেশৰ হাতত পৰাস্ত হৈ ২০০৭ৰ এদিনীয়া বিশ্বকাপৰ প্রথম ৰাউণ্ডৰ পৰাই বিদায় মাগিবলগীয়া হৈছিল৷
এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে টীম ইণ্ডিয়াৰ প্রাক্তন অফ স্পিনাৰ হৰভজন সিঙে৷ প্রাক্তন ক্রিকেটাৰ আকাশ চোপ্রাৰ সৈতে এক সাক্ষাৎকাৰত ভাজ্জিয়ে গ্রেগ চেপেলৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি কয় যে এটা শক্তিশালী দলক কিদৰে দুর্বল কৰিব পাৰি সেয়া চেপেলে ভালদৰে জানে৷
দলৰ মাজত বিভাজন সৃষ্টিত তেওঁ পাকৈত আছিল৷ ইফালে, ২০০৭ৰ বিশ্বকাপৰ প্রথম ৰাউণ্ডৰ পৰাই ভাৰতৰ বিদায়ৰ মুহূর্তটো তেওঁৰ কেৰিয়াৰৰ দুঃসহ স্মৃতি হিচাপে ৰৈ যাব বুলি হৰভজনে উল্লেখ কৰে৷ মন কৰিবলগীয়া যে ২০০৭ৰ বিশ্বকাপত শোচনীয়ভাৱে ব্যর্থ হোৱা দলটোৰ অধিনায়ক আছিল ৰাহুল দ্রাবিড়৷