- সীমান্তত সংঘৰ্ষক লৈ মোদীক কটাক্ষ ৰাহুল গান্ধীৰ
- ৰাহুলৰ প্ৰশ্ন- কিয় নীৰৱ প্ৰধানমন্ত্ৰী মোদী ?
নিয়মীয়া বাৰ্তা, ১৭ জুনঃ প্ৰায় ৪ দশকৰ পাছত পুনৰ উত্তপ্ত চীন-ভাৰত সীমান্ত। গলৱালত ভাৰতীয় ভূখণ্ডলৈ সোমাই অহা চীনৰ সেনাৰ এটা সশস্ত্র দলে অতর্কিতে আক্রমণ চলায় ভাৰতীয় সেনাৰ ওপৰত ৷ য’ত ছহীদ হয় ২০ জনকৈ ভাৰতীয় জোৱান । কিন্তু এই ক্ষেত্ৰত ভাৰত চৰকাৰ আশ্চৰ্যজনকভাৱে নীৰৱ ।
চৰকাৰৰ এই নীৰৱতাক লৈ এইবাৰ প্ৰশ্ন তুলিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধীৰ অভিযোগ, সীমান্তত চৰকাৰৰ নীৰৱতাই দেশবাসীক চিন্তাত পেলাইছে ।
Why is the PM silent?
Why is he hiding?Enough is enough. We need to know what has happened.
How dare China kill our soldiers?
How dare they take our land?— Rahul Gandhi (@RahulGandhi) June 17, 2020