নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান! পান কাৰ্ড আৰু আধাৰৰ লিংকৰ বাবে আছে মাত্ৰ ১৩ দিন, অন্যথা ১০,০০০ টকাৰ জৰিমনা

কেনেদৰে কৰিব লিংক

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ পান কাৰ্ডৰ বাবে আপুনি ভৰিব লাগিব পাৰে ১০,০০০ টকাৰ জৰিমনা। কিয়নো ৩০ জুনৰ পিছত আপোনাৰ পান কাৰ্ডৰ কোনো মূল্য নাথাকিব যদিহে আধাৰ কাৰ্ডৰ লগত ইয়াৰ লিংক হোৱা নাই। ভাৰতীয় আইকৰ বিভাগে লিংক নথকা পান কাৰ্ডৰ সম্ভেদ পালেই ৩০ জুনৰ পিছত আইকৰ বিধি ২৭২ (বি)ৰ আধাৰত আপোনাক ভৰাব পাৰে ১০,০০০ টকাৰ জৰিমনা।

পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংকৰ বাবে প্ৰথম অৱস্থাত সময় নিৰ্ধাৰণ কৰা হৈছিল ৩১ মাৰ্চ। কিন্তু লকডাউনৰ পৰিপ্ৰেক্ষিতত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৩০ জুনলৈ সময়সূচী বৃদ্ধি কৰিছিল। অৰ্থাৎ আৰু ১৩ দিন বাকী আছে আপোনাৰ হাতত।

আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডৰ লিংক কৰিলে পান কাৰ্ডৰ বৈধতা থকাৰ লগতে নতুন পান কাৰ্ডৰ বাবেও আবেদন কৰিব পৰা যাব। অন্যথা নতুন পান কাৰ্ডৰ আবেদন গ্ৰহণযোগ্য নহ’ব।

কেনেকৈ কৰিব লিংক ?

দুয়োখন কাৰ্ডৰ লিংকৰ বাবে আইকৰ বিভাগৰ কাৰ্যালয়ৰ ৱেবছাইট incometaxindiaefiling.gov.in ত গৈ লিংক আধাৰত ছাৰ্চ কৰি তাত পান কাৰ্ড, আধাৰ কাৰ্ডৰ নম্বৰৰ লগতে আপোনাৰ নাম ভৰ্তি কৰক।

ইয়াৰ বাহিৰেও আপুনি এছ এম এছযোগেও লিংক কৰিব পাৰে। ইয়াৰ বাবে আপুনি 567678 অথবা 56161 নম্বৰত UIDPAN<SPACE><12 digit Aadhaar><SPACE><10 digit PAN> লিখি এছ এম এছ কৰিব পাৰে।

যদি আপোনাৰ আধাৰ নম্বৰ 123456789111 আৰু পান কাৰ্ড নম্বৰ BSPLP9342K, তেন্তে লিখক এইদৰে UIDPAN 123456789111 BSPLP9342K আৰু পঠিয়াই দিয়ক এছ এম এছ।

You might also like