নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখ সন্দৰ্ভত ১৯ জুনত সৰ্বদলীয় বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ লাডাখত ভাৰত-চীনৰ বিবাদ সন্দৰ্ভত বিৰোধী শিবিৰৰ সৈতে সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অহা ১৯ জুন তাৰিখে লাডাখ সীমান্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ভাৰ্চুৱেল বৈঠকত সকলো ৰাজনৈতিক নেতাক আমন্ত্ৰণ জনোৱা হৈছে ।

ইপিনে আজি এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়- “ভাৰতীয় জোৱানৰ আত্মবলিদান অথলে যাবলৈ দিয়া নহ’ব, ইয়াৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ’ব ।”
ইয়াৰোপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে শান্তি বিচাৰে । বীৰতা আমাৰ দেশৰ চৰিত্ৰ । আমি সমুচিত প্ৰত্যুত্তৰ দিব নোৱাৰো বুলি কোনো দেশেই ভ্ৰমত থকাটো অনুচিত ।

You might also like