সোণ চুৰিত অভিযুক্ত আৰক্ষী উপ–পৰিদর্শক শ্রৱণৰ ভাতৃ সঞ্জয় কুমাৰ ঝাৰো আছে বেনামী সম্পত্তি
নিয়মীয়া বার্তা, ১৮ জুনঃ ক্ষমতাৰ অপব্যৱহাৰেৰে অসম আৰক্ষীক কলংকিত কৰিছে একাংশ দুর্নীতিগ্রস্ত আৰক্ষী বিষয়াই৷ শেহতীয়াকৈ চুৰি–ডকাইতি–প্রৱঞ্চনাৰ গোচৰত অভিযুক্ত সহকাৰী উপ–পৰিদর্শক শ্রৱণ কুমাৰ ঝাই বিভাগীয় পদোন্নতিৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰত চতুর্থ স্থান লাভ কৰাৰ পিছতে আৰক্ষীৰ ভিতৰচ’ৰাত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷
অসম আৰক্ষীৰ উচ্চপদস্থ আৰক্ষী বিষয়াৰে থকা ঘনিষ্ঠতাৰ সুযোগ লৈ দীর্ঘদিন গুৱাহাটী ৰে’লৱে ষ্টেচনত সহকাৰী উপ–পৰিদর্শক হিচাপে কর্মৰত থকাৰ সময়ত নামে–বেনামে সম্পত্তিৰ পাহাৰ গঢ়ে৷ নগদ ২২ লাখ টকা আৰু ৫৮ লাখ টকাৰ চুৰি সোণসহ ভাতৃ সঞ্জয় কুমাৰ ঝাৰ সৈতে গ্রেপ্তাৰ হোৱা শ্রৱণ কুমাৰ ঝাৰ সম্পত্তিৰ তালিকা দেখি চকু কপালত উঠিছে তদন্তকাৰী আৰক্ষী বিষয়াৰ৷
সোণ চুৰিত অভিযুক্ত শ্রৱণ কুমাৰ ঝাৰ পত্নী অর্চনা ঝাৰ নামত পাটনাত পাঁচ কঠা মাটি আছে৷ গুৰগাঁৱত আছে প্রায় ১ কোটি টকাৰ মূল্যৰ এটা ডুপ্লেক্স ফ্লেট৷ কেৱল বিহাৰতেই নহয়, ডকাইত এইগৰাকী উপ–পৰিদর্শকে ক্ষমতাৰ অপব্যৱহাৰ কৰি কোটি কোটি টকা ঘটি মালিগাঁৱত পত্নীৰ নামত ৭০ লাখ টকা মূল্যৰ ৪ কঠা মাটি, বৰবাৰীত ২৫ লাখ টকা মূল্যৰ ডেৰ কঠা মাটি ক্রয় কৰিছে৷ ইয়াৰ উপৰি পত্নী আৰু শ্রৱণ কুমাৰ ঝাৰ নামত আছে লাখ লাখ টকাৰ এল আই চি পলিচী৷
ইয়াৰ উপৰি শ্রৱণ কুমাৰ ঝাই ভাতৃ সঞ্জয় কুমাৰ ঝা আৰু আত্মীয়ৰ নামতো বিহাৰ আৰ গুৱাহাটীৰ কেইবাঠাইতো মাটি ক্রয় কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷ লক্ষণীয় যে, পাণবজাৰ থানাৰ যান–বাহন শাখাত কর্মৰত শ্রৱণৰ ভাতৃ সঞ্জয়ে একে পন্থাকে অৱলম্বন কৰি ডাবি–ধমকিৰে বিভিন্নজনৰ পৰা ধন সংগ্রহ কৰাৰ অভিযোগ আছে৷নিলম্বিত আৰক্ষী কনিষ্টবল সঞ্জয়ে যান–বাহন আইন উলংঘা কৰা চালকৰ পৰা ধন সংগ্রহ কৰাৰ লগতে পদপথৰ ব্যৱসায়ীৰ পৰাও ডাবি–ধমকিৰে ধন সংগ্রহ কৰিছিল বুলি ভুক্তভোগী লোকে জানিবলৈ দিছে৷
অসম আৰক্ষীক কলংকিত কৰা শ্রৱণ কুমাৰ ঝা আৰু ভাতৃ সঞ্জয় কুমাৰ ঝাই নামে–বেনামে গঢ়া সম্পত্তিৰ তালিকা তদন্তত প্রকাশ পাইছে৷ কিন্তু এই দুইগৰাকী নিলম্বিত আৰক্ষীক এতিয়া কেইগৰাকীমান উচ্চপদস্থ আৰক্ষী বিষয়াই ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলোৱা বুলিও অভিযোগ উত্থাপিত হৈছে৷