বুণ্ডেছলিগাত পুনৰ চেম্পিয়ন বেয়ার্ন মিউনিখ
ৱার্ডাৰ ব্রেমনৰ বিৰুদ্ধে জয়েৰে ক্রমাগত অষ্টমটো খিতাপ নিশ্চিত
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ বুণ্ডেছলিগাত ক্রমাগত অষ্টমটো খিতাপ জয় কৰিলে তাৰকাসমৃদ্ধ বেয়ার্ন মিউনিখে৷ যোৱানিশা বার্লিনত ৱার্ডাৰ ব্রেমনৰ বিৰুদ্ধে অনুষ্ঠিত গুৰুত্বপূর্ণ মেচখনত ১–০ গ’লত জয়ী হৈ বেয়ার্ন মিউনিখে প্রতিযোগিতাখনত খিতাপ নিশ্চিত কৰিবলৈ সক্ষম হয়৷ এই জয়ৰ পিছত দলটোৰ পইণ্টৰ সংখ্যা ৭৬লৈ বৃদ্ধি হোৱাত বেয়ার্ন মিউনিখে বুণ্ডেছলিগাৰ ইতিহাসত মুঠ ৩০বাৰৰ বাবে খিতাপ সুনিশ্চিত কৰে৷
৩২খন মেচৰ পৰা বেয়ার্ন মিউনিখে ৭৬ পইণ্ট অর্জন কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা ডর্টমুণ্ডে ৩১খন মেচৰ পৰা ৬৬ পইণ্টহে লাভ কৰি আছে৷ বেয়ার্ন মিউনিখৰ এই চমকপ্রদ জয়ৰ মূলতেই আছিল পোলেণ্ডৰ তাৰকা ষ্ট্রাইকাৰ ৰবার্ট লেৱানডস্কিৰ দুর্দান্ত গ’ল৷ প্রথমার্ধৰ দুই মিনিট পূর্বে লেৱানডস্কিয়ে এটা দর্শনীয় গ’লেৰে বেয়ার্ন মিউনিখক অগ্রগতি দিবলৈ সক্ষম হয়৷ প্রথমটো অর্ধত ১–০ৰ অগ্রগতি অর্জন কৰি থকা দলটোৱে দ্বিতীয়ার্ধতো ৱার্ডাৰ ব্রেমনক তীব্র চাপত ৰাখে৷ ৫৪ মিনিটত লেৱানডস্কিয়ে আন এটি গ’ল কৰে যদিও ৰেফাৰীয়ে গ’লটো অফছাইড ঘোষণা কৰে৷
অন্তিম মিনিটত ৱার্ডাৰ ব্রেমনে সমতা স্থাপনৰ সুৱর্ণ সুযোগ লাভ কৰে যদিও বেয়ার্ন মিউনিখৰ তাৰকা গ’লৰক্ষক মেনুৱেল নেৱাৰৰ দুর্দান্ত ছেভে আলহী দলটোক নিশ্চিত বিপদৰ পৰা উদ্ধাৰ কৰে৷ ইফালে, সুন্দৰ ফর্মত থকা পোলেণ্ডৰ ষ্ট্রাইকাৰ লেৱানডস্কিয়ে বেয়ার্ন মিউনিখৰ হৈ চলিত ছিজনত গ’লৰ সংখ্যা ৩১টালৈ বৃদ্ধি কৰিবলৈ সক্ষম হয়৷ এই প্রদর্শনৰ সুবাদত তেওঁ পঞ্চমবাৰৰ বাবে লীগৰ সর্বাধিক গ’লদাতা হোৱাৰ দিশত আগবাঢ়িছে৷
মন কৰিবলগীয়া যে মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহ প্রাদুর্ভাৱৰ বাবে মার্চ মাহত বুণ্ডেছলিগাৰ মেচসমূহ বন্ধ হোৱাৰ পূর্বৰে পৰা বেয়ার্ন মিউনিখে চমকপ্রদ প্রদর্শনেৰে শীর্ষস্থান অধিকাৰ কৰি আছিল৷
যোৱা মাহত পুনৰ আৰম্ভ হোৱা জার্মানৰ শীর্ষ ফুটবল লীগখনত দলটোৱে এই পর্যন্ত ক্রমাগত ৮খন মেচত জয় সাব্যস্ত কৰি আছে৷ আনহাতে, বেয়ার্ন মিউনিখৰ বর্ষীয়ান তাৰকা থমাছ মূলাৰে বুণ্ডেছলিগাৰ অষ্টমটো খিতাপেৰে বিৰল অভিলেখৰ গৰাকী হৈছে৷