২০০৭ত ক্রিকেট বাদ দিব বিচাৰিছিল তেণ্ডুলকাৰেঃ গেৰী কার্ষ্টেন
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ ক্রিকেটৰ অধিকাংশ অভিলেখ নিজৰ নামত খোদিত কৰা ভাৰতৰ প্রাক্তন ক্রিকেটাৰ শচীন তেণ্ডুলকাৰো এটা সময়ত হতাশ হৈছিল৷ ২০০৭ত সন্মুখীন হোৱা ধাৰাবাহিক ব্যর্থতাৰ বাবে তেওঁ ক্রিকেট বাদ দিয়াৰ চিন্তা–চর্চা কৰিছিল৷
ক্রিকেটৰ ভগৱানখ্যাত তেণ্ডুলকাৰৰ এই হতাশাৰ কাহিনী আজি মুকলি কৰে ভাৰতৰ একালৰ প্রশিক্ষক গেৰী কার্ষ্টেনে৷ ২০০৮ত ভাৰতৰ প্রশিক্ষকৰ দায়িত্ব গ্রহণ কৰা দক্ষিণ আফ্রিকাৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে আজি কয় যে ২০০৭ত শচীন নিজৰ প্রদর্শন আৰু বেটিং ক্রমক লৈ সন্তুষ্ট নাছিল৷
‘শচীন মোৰ অত্যন্ত ঘনিষ্ঠ আছিল৷ ২০০৭ত বেটিং ব্যর্থতাৰ সন্মুখীন হোৱাৰ বাবে তেওঁ ক্রিকেট বাদ দিয়াৰ পৰিকল্পনা কৰিছিল৷ শচীনে মোক মুকলিকৈ কৈছিল যে তেওঁ বেটিং ক্রমক লৈ সন্তুষ্ট নহয় আৰু ক্রিকেট খেলি উপভোগ কৰিব পৰা নাই৷ ২০০৮ৰ মার্চত মই প্রশিক্ষকৰ দায়িত্ব গ্রহণৰ পিছতে শচীনক সকলোধৰণে সহযোগিতা আগবঢ়াওঁ৷ ইয়াৰ পিছতে তেওঁ মোৰ কার্যকালত ৩৮খন এদিনীয়াত সাতটা শতকসহ ১৯৫৮ ৰান সংগ্রহ কৰে৷ উক্ত সময়ছোৱাত তেওঁ ৩১খন টেষ্ট খেলি ১২টা শতকসহ ২৯১০ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷’
গেৰী কার্ষ্টেনে এইদৰে কয়৷ উল্লেখ্য যে কার্ষ্টেনৰ কার্যকালতে টীম ইণ্ডিয়াই মহেন্দ্র সিং ধোনীৰ নেতৃত্বত ২০১১ত বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল৷