আম আদমী পার্টীৰ বিধায়িকা আতিছি ক’ভিড–১৯ত আক্রান্ত
নিয়মীয়া বাৰ্তা ১৮ জুনঃ আম আদমী পার্টীৰ বিধায়িকা আতিছি শেহতীয়াভাৱে ক’ভিড–১৯ত আক্রান্ত হোৱা ৰাজনীতিকৰ তালিকাত অন্তর্ভুক্ত হ’ল৷ দেশৰ ৰাজধানী নতুন দিল্লীৰ কালকাজিৰ বিধায়িকা আতিছিৰ দেহত ক’ভিড–১৯ প’জিটিভ হোৱাটো বুধবাৰে নিশ্চিত হয়৷ উল্লেখ্য যে দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্রী সত্যেন্দ্র জৈন জ্বৰত ভুগি থকা বাবে তেওঁৰ ক’ভিড–১৯ পৰীক্ষা কৰা হৈছিল৷ কিন্তু সেই পৰীক্ষাত নিগেটিভ ওলাইছিল৷ আজি পুনৰ মন্ত্রীগৰাকীৰ পৰা ক’ভিড–১৯ পৰীক্ষণৰ বাবে নমুনা সংগ্রহ কৰা হৈছে৷ উল্লেখ্য যে ৰাজধানী দিল্লী দেশৰ ভিতৰতে আক্রান্ত আৰু মৃতকৰ তালিকাত তৃতীয় স্থানত আছে৷ এতিয়ালৈকে দিল্লীত ৪৬,৬৬৭জন লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ১,৮৩৭জন লোকে৷