নিয়মীয়া বাৰ্তা, ১৯ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ শংকাৰ প্রতি লক্ষ্য ৰাখি বিশ্বপ্রসিদ্ধ ওড়িশাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ বার্ষিক ৰথযাত্রা স্থগিত ৰখা হৈছে৷ অহা ২৩ জুনৰ পৰা আৰম্ভ হ’বলগীয়া এই ৰথযাত্রা বুধবাৰে উচ্চতম ন্যায়ালয়ে স্থগিতৰ নির্দেশ দিয়ে৷
সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেই ৰথযাত্রা স্থগিত ৰাখি কয়– ‘যদি আমি এই ৰথযাত্রাৰ অনুমতি দিওঁ, তেতিয়াহ’লে ভগৱান জগন্নাথেও আমাক ক্ষমা নকৰিব৷’ মুখ্য ন্যায়াধীশগৰাকীয়ে এইবুলিও কয় যে মহামাৰীৰ বাবে বিশাল জনসমাগম আয়োজন কৰিবলৈ দিব নোৱাৰি৷ জনস্বাস্থ্য আৰু নাগৰিকৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখিয়েই এই বছৰৰ ৰথযাত্রাৰ অনুমতি দিব নোৱাৰি৷ তদুপৰি ন্যায়ালয়ে এই কথাও নিশ্চিত কৰি দিয়ে যে চলিত বর্ষত ওড়িশাৰ কোনো স্থানতেই বিশাল জনসমাগমেৰে ৰথযাত্রাৰ আয়োজন কৰিব নোৱাৰে৷
উল্লেখ্য যে যোৱা ১৫ জুনত এনজি’ ওড়িশা বিকাশ পৰিষদে ৰথযাত্রাৰ অনুমতি নিদিবলৈ উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল৷ আবেদনত উল্লেখ কৰা মতে, ৰথযাত্রাৰ অনুমতি দিলে ক’ভিড–১৯ সংক্রমণ দ্রুতগতিত সম্প্রসাৰিত হ’ব৷ এই আবেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ৰথযাত্রা স্থগিত কৰি ওড়িশা চৰকাৰকে ধৰি বিভিন্ন কর্তৃপক্ষক ৰথযাত্রাৰ অনুমতি নিদিবৰ বাবে নির্দেশ জাৰি কৰিছে৷ তাৎপর্যপূর্ণ যে আনলক চলি থাকিলেও ক’ভিড–১৯ সংক্রমণৰ বাবে দেশত সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, ধর্মীয় সমাৱেশৰ অনুমতি প্রদান কৰা হোৱা নাই৷