নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিৰত গৈ টিলিঙা বজায়নে ? এতিয়াৰে পৰা নালাগে…

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ কোৱা হয় যে অভাৱেই আৱিষ্কাৰৰ মূল । এই কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে মধ্যপ্ৰদেশৰ এগৰাকী লোকে ।

বিশ্বৰ সকলো দেশেই এতিয়া ক’ৰোনাৰ সৈতে যুঁজি আছে। এই মহামাৰীক প্ৰতিৰোধ কৰিবলৈ সকলোৱে সামাজিক দূৰত্বৰ নীতি মানি চলিছে। লগতে এজনে আনজনৰ সংস্পৰ্শলৈ নহাকৈয়ে জীৱন পথত আগুৱাবলৈ শিকিছে ।

  ক’ৰোনাক প্ৰতিৰোধ কৰিবলৈ দেশত বলবৎ হোৱা লকডাউনৰ আৰম্ভণিৰে পৰা ৪ ৰ্থ লকডাউন পৰ্যন্ত দেশৰ সকলো ধৰ্মীয় অনুষ্ঠানত (মন্দিৰ, মছজিদ, গীৰ্জা) জনসমাগম নিষিদ্ধ কৰা হৈছিল । কিন্তু আনলক-১ ত বহু ক্ষেত্ৰত শিথিলতা প্ৰদান কৰাত দেশৰ প্ৰায়ভাগ ধৰ্মীয় অনুষ্ঠান চৰকাৰী আদেশ অনুসৰি পুনৰ ভক্তসকলৰ বাবে খোলা হৈছে ।

এনে সময়তে মধ্য প্ৰদেশৰ এক মন্দিৰত শাৰীৰিক সম্পৰ্কক বাধা দিবলৈ ‘চেঞ্চৰ ঘণ্টা বা টিলিঙা’ (Sensor Bell) লগোৱা হৈছে ।

মধ্য প্ৰদেশৰ মন্দসৌৰস্থিত পশুপতিনাথ মন্দিৰ (Pashupatinath Temple) ত স্বয়ংক্ৰিয় চেঞ্চৰ ঘণ্টা লগোৱা হৈছে। ইয়াৰ বিশেষত্ব এয়ে যে এই মন্দিৰত লগোৱা এই চেঞ্চৰ টিলিঙাসমূহ মানুহে হাত নলগোৱাকৈয়ে বাজি উঠে ।

উল্লেখ্য যে এই টিলিঙাবোৰ উলমাই ৰখা স্থানৰ তলত হাত দুখন ৰাখিলেই স্বয়ংক্ৰিয়ভাৱে বাজি উঠে এই চেঞ্চৰযুক্ত টিলিঙা ।

  ইপিনে মন্দিৰ প্ৰশাসনে জানিবলৈ দিয়ে যে- ক’ৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে এই মন্দিৰত চেঞ্চৰ টিলিঙা লগোৱাটো উচিত আছিল । যাতে মন্দিৰটোত থকা টিলিঙাসমূহ মানুহে নুচুৱাকৈয়ে এইসমূহ বাজে ।

সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো এয়ে যে এই চেঞ্চৰ টিলিঙা প্ৰস্তুত কৰি উলিয়াইছে এজন মুছলমান সম্প্ৰদায়ৰ লোকে ।

সংবাদ সংস্থা ANI য়ে টুইটাৰযোগে এই মন্দিৰটোৰ বিশেষ টিলিঙাটোৰ কেইখনমান ফটো সম্প্ৰচাৰ কৰিছে ।

এই টিলিঙাবোৰেই এতিয়া দেশৰ সৰ্বত্ৰ চৰ্চা লাভ কৰিছে । এনে সংকটৰ সময়ত মুছলামান লোকজনৰ উদ্ভাৱনে দেশৰ আন আন মন্দিৰসমূহতো ক’ৰোনা প্ৰতিৰোধ কৰাত সহায়ক হ’ব বুলি ছ’চিয়েল মিডিয়াত বহুজনে প্ৰচাৰ কৰিছে ।

You might also like