নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত দুই এন এছ চি এন (আৰ) সদস্যক আটক

নিয়মীয়া বাৰ্তা, ২০ জুনঃ অৰুণাচল প্ৰদেশৰ চাংলাংত আসাম ৰাইফলছৰ ৯নং বেটেলিয়ন আৰু চাংলাং আৰক্ষীয়ে যৌথ অভিযান চলাই দুই এন এছ চি এন (আৰ) গোটৰ সদস্যক আটক কৰে। আটকাধীন সদস্য দুজনৰ পৰা এটা ৭.৬৫ পিষ্টল আৰু এটা পইণ্ট ২২ পিষ্টলৰ লগতে দুটা মেগজিন, ৭টা সক্ৰিয় গুলী আৰু দুটা ম’বাইল ফোন জব্দ কৰে ৷

ধৃত এন এছ চি এন (আৰ)ৰ সদস্যকেইজন হৈছে ৱাংফিক খহৈ আৰু থাংছাম ন্যেমু। দুয়োজনৰ ঘৰ চাংলাং জিলাতে বুলি জানিব পৰা গৈছে।

You might also like