নিয়মীয়া বাৰ্তা, ২১ জুনঃ অতিৰিক্ত সেনা মোতায়েনৰ সমান্তৰালভাৱে লাডাখৰ আকাশত ‘এয়াৰ ডমিনেঞ্চ’ আৰম্ভ কৰি ইতিমধ্যে ভাৰতে ব্যাপক সমৰসজ্জা চলাইছে৷ প্রকৃত নিয়ন্ত্রণ ৰেখাত (এল এ চি) ইখনৰ পাছত সিখনকৈ উৰিছে চিনুক কার্গো হেলিকপ্টাৰ, আপাচী এটেক হেলিকপ্টাৰ, পি–৮ ছার্ভিলেন্স এয়াৰ ক্রাফ্ট আৰু আই এল– ৭৬ ষ্ট্রেটেজিক এয়াৰ ক্রাফ্ট৷
অকল সেয়াই নহয়, সীমান্তত অতি দ্রুত প্রস্তুতি গঢ়ি তোলা দিল্লীৰ নির্দেশত বিশ্বৰ অত্যাধুনিক টেক্টিকেল এয়াৰলিফ্টাৰ বিমান চি–১৩০ জে ছুপাৰ হাৰকিউলিছো উৰুওৱা হৈছে৷ কার্যতঃ লাডাখ সীমান্তত এতিয়া যুদ্ধৰ দামামা৷ ইয়াৰ মাজতে আগ্রাসী ৰঙা চীনক উদ্দেশ্যি চৰম সকীয়নি দিলে ভাৰতীয় বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মার্শ্বাল ৰাকেশ কুমাৰ সিং ভাডাউৰীয়াই৷
ভাৰতীয় বায়ুসেনাৰ মুৰব্বীজনৰ স্পষ্ট হুংকাৰ– ‘আমি প্রত্যাঘাতৰ বাবে সাজু৷ ২০গৰাকী বীৰ শ্বহীদ জোৱানৰ বলিদান ব্যর্থ হ’বলৈ বায়ুসেনাই নিদিয়ে৷’ হায়দৰাবাদৰ সমীপৱর্তী বিমান বাহিনী একাডেমীৰ এক অনুষ্ঠানত অংশগ্রহণ কৰি আজি এয়াৰ চীফ মার্শ্বাল ভাডাউৰীয়াই যোৱা সোমবাৰে নিশা গালৱান উপত্যকাত সংঘটিত ৰক্তক্ষয় সংঘর্ষৰ প্রসংগত কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ তেওঁ পুনৰ কয়– ‘সেই দিনা বিৰাট প্রত্যাহ্বানৰ সন্মুখীন হৈ ভাৰতৰ সার্বভৌমত্ব ৰক্ষাৰ হকে জোৱানসকলে যি সাহস প্রদর্শন কৰিলে, সেইটোৱেই প্রকৃততে দেশ ৰক্ষাৰ সংকল্পকেই প্রতিফলিত কৰিছে৷ পৰিস্থিতি সম্পর্কত আমি সম্পূর্ণৰূপে অৱগত৷ লাডাখেই হওক বা লাডাখৰ সিপাৰৰ পৰিস্থিতিয়েই হওক, মোকাবিলাৰ বাবে কৰণীয় সকলোবোৰেই ভাৰতীয় বায়ুসেনাই কৰিছে৷ মই এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ– পৰিস্থিতি যিয়েই নহওক কিয়, মোকবিলা কৰিবলৈ আমি প্রস্তুত৷ আমি কেতিয়াও আমাৰ বীৰ শ্বহীদসকলৰ বলিদান ব্যর্থ হ’বলৈ নিদিওঁ৷’ দেশৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ সশস্ত্র বাহিনী সকলো সময়তে সজাগ আৰু প্রস্তুত থকাৰ কথা উল্লেখ কৰি গালৱান উপত্যকাৰ ঘটনা ইয়াৰে এক সৰু উদাহৰণ বুলি তেওঁ মন্তব্য কৰে৷
তেওঁৰ মতে, সামৰিক পর্যায়ৰ আলোচনাত চুক্তিবদ্ধ হৈ থকাৰ পাছতো চীনা সেনাৰ আক্রমণত ভাৰতীয় সৈন্যৰ প্রাণহানিৰ ঘটনা কোনো কাৰণতে মানি ল’ব নোৱাৰি৷ তৎসত্ত্বেও এল এ চিত উদ্ভৱ হোৱা পৰিস্থিতি যাতে আৰু অধিক উত্তপ্ত হৈ নুঠে, তাৰ কাৰণে শান্তিপূর্ণ আলাপ–আলোচনাৰ মাধ্যমেৰে বিষয়টো উপশম ঘটোৱাৰ চেষ্টা অব্যাহত ৰখা হৈছে৷
উল্লেখ্য যে বায়ুসেনাপ্রধান ভাডাউৰীয়াই ইতিমধ্যে দুদিনীয়া ভ্রমণসূচীৰে লেহ আৰু শ্রীনগৰ বায়ুসেনা ঘাটিত উপস্থিত হৈ পৰিস্থিতিৰ পর্যালোচনা কৰি আহিছে৷ তদুপৰি ভাৰতীয় সেনাবাহিনীক সকলো সময়তে সাজু হৈ থাকিবলৈ নির্দেশ দিছিল চীফ অৱ দ্য ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে৷ বায়ুসেনাপ্রধানৰ ভ্রমণসূচী তথা চীফ অৱ দ্য ডিফেন্স ষ্টাফৰ এনে নির্দেশনাৰ পাছতে লাডাখ সীমান্তত যুদ্ধকালীন তৎপৰতা চলিছে৷