মহানগৰীৰ দিছপুৰ–গীতানগৰ আৰক্ষী থানাক খেদিছে ক’ৰোনাৰ আতংকই
নিয়মীয়া বাৰ্তা, ২১ জুনঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ দিনকদিনে বৃদ্ধি পোৱাৰ লগে লগে সৃষ্টি হৈছে আতংক৷ ৰাজ্যৰ আন প্রান্তৰ সমান্তৰালকৈ ৰাজধানী চহৰ গুৱাহাটীতো এতিয়া ক’ৰোনাৰ আতংক৷ মহানগৰীখনৰ অলিয়ে–গলিয়ে ওলাইছে ক’ৰোনাত আক্রান্ত লোক৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো এজন লোক ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ প্রাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ কালাপাহাৰৰ ভৱেশ বণিক নামৰ ৭২ বছৰীয়া লোকজনক যোৱা ১৮ জুনত হাস্পতালত ভর্তি কৰা হৈছিল৷ হূদ ৰোগত আক্রান্ত হোৱাত তেওঁক হাস্পতাললৈ অনা হৈছিল৷ কিন্তু হাস্পতালতে তেওঁৰ মৃত্যু হোৱাত ছোৱাবৰ নমুনা সংগ্রহ কৰা হৈছিল৷ পৰৱর্তী সময়ত তেওঁ ক’ৰোনা পজিটিভ বুলি পৰীক্ষা ধৰা পৰে৷
উল্লেখ্য যে মৃত বণিকৰ পুত্রও ক’ৰোনাত আক্রান্ত হৈছে৷ এই বাতৰিৰ লাভ কৰাৰ পিছতে পিতৃ ভৱেশ বণিক অসুস্থ হৈ পৰিছিল৷ ইয়াৰ লগে লগে ক’ৰোনা আক্রান্ত হৈ ৰাজ্যত মৃত্যু হোৱাৰ সংখ্যা ১২জনলৈ বৃদ্ধি পালে৷ আনহাতে আজি ১৩৬গৰাকী ৰোগীক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়৷ এই ৰোগীসকলৰ নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত তেওঁলোকক ঘৰলৈ যাবলৈ অনুমতি প্রদান কৰা হয়৷ ৰাজ্যত বর্তমান সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৩,২০২গৰাকী৷ ইয়াৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ১,৭৯২গৰাকী ৰোগী৷ ইফালে ভ্রমণ বৃত্তান্ত নোহোৱাকৈ বহুসংখ্যক লোক ক’ৰোনাত আক্রান্ত হোৱাৰ তথ্যই মহানগৰবাসীক অধিক আতংকিত কৰি তুলিছে৷ গুৱাহাটীত সামাজিক সংক্রমণ ঘটাৰো আশংকা কৰা হৈছে৷ উদ্বেগজনকভাৱে ক’ৰোনাত সন্মুখৰ পৰা নেতৃত্ব দিয়া চিকিৎসকো ক’ভিড–১৯ত আক্রান্ত হৈছে৷ কেৱল সেয়াই নহয়, চোৰ ধৰিবলৈও যেন আতংকিত হৈ পৰিছে মহানগৰ আৰক্ষী৷ কিয়নো গুৱাহাটীৰ আৰক্ষী থানাই থানাই এতিয়া ক’ৰোনাৰ আতংক৷
কিছুদিন পূর্বে হাতীগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰা এজন আচামী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ তথ্যই আতংক সৃষ্টি কৰিছিল৷ এইবাৰ পুনৰ মহানগৰীৰ গীতানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা এজন অভিযুক্ত ক’ভিড–১৯ত আক্রান্ত হৈছে বুলি জানিব পৰা গৈছে৷ প্রাপ্ত তথ্য অনুসৰি, যোৱা ১৭ জুনত যুৱতী অপহৰণৰ গোচৰত আমবাৰীস্থিত ৰে’লৱে কলনীৰ ৰাজা বাছফৰ নামৰ এজন যুৱকক গীতানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷ পৰৱর্তী সময়ত তেওঁক তেজপুৰৰ কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰা হয়৷ গ্রেপ্তাৰৰ পাছতেই ৰাজাৰ ছোৱাবৰ নমুনা সংগ্রহ কৰা হৈছিল৷ শেহতীয়া পৰীক্ষাত তেওঁৰ ক’ভিড–১৯ পজিটিভ অহাত এতিয়া হাহাকাৰ লাগিছে গীতানগৰ আৰক্ষী থানাত৷ ইয়াৰ পাছতে থানাখনৰ চাৰিজন গৃহৰক্ষী আৰু এজন কনিষ্টবলৰ ছোৱাব সংগ্রহ কৰা হৈছে৷ তদুপৰি দিছপুৰ আৰক্ষী থানাই তিনিচুকীয়াৰ পৰা উদ্ধাৰ কৰি অনা এগৰাকী যুৱতীৰ শৰীৰতো ক’ৰোনা ভাইৰাছৰ সংক্রমণ ধৰা পৰিছে৷ যুৱতীগৰাকীক উদ্ধাৰ কৰি অনাৰ পাছত এটা আশ্রয়গৃহত ৰাখিছিল বুলি জানিব পৰা গৈছে৷ থানাখনত ৰুজু হোৱা ৫৬০/২০ নম্বৰৰ গোচৰটোত যুৱতীগৰাকীক অনা হৈছিল৷ যুৱতীগৰাকীৰ শৰীৰত ক’ৰোনা ভাইৰাছ ধৰা পৰাৰ পাছত থানাখনৰ ৮জন জোৱানক কোৱাৰেণ্টাইন কৰা হৈছে৷
ইফালে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ফিজি’লজী বিভাগৰ মুৰব্বী অধ্যাপিকা স্মৃতি পাঠক দত্ত আৰু তেওঁৰ চিকিৎসক স্বামী ধ্রুৱজ্যোতি দত্ত ক’ৰোনাত আক্রান্ত হোৱাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে৷ দুয়োগৰাকীকে সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছে৷ চিকিৎসক ধ্রুৱজ্যোতি দত্ত গুৱাহাটীৰ খ্রীষ্টানবস্তিৰ এপল’ হাস্পতালৰ কার্ডি’লজী বিভাগৰ কনচালটেণ্ট৷ যোৱা বৃহস্পতিবাৰলৈ তেওঁ হাস্পতালখনত কর্মৰত হৈ আছিল৷ ইতিমধ্যে তেওঁৰ সংস্পর্শলৈ অহা তিনিগৰাকী ৰোগী আৰু ছগৰাকী কর্মচাৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে৷ ইপিনে, শেৱালি পথৰ নৱ বৰা নামৰ আন এজন যুৱকো ক’ৰোনাত আক্রান্ত হৈছে৷ কোনো ভ্রমণ বৃত্তান্ত নথকা এই যুৱকজন গুৱাহাটী শেৱালি পথৰ সমীপৰ এখন ৱাইন শ্ব’পত কর্মৰত আছিল৷ ৱাইন শ্ব’পত কর্মৰত আন তিনিজনক কোৱাৰেণ্টাইন কৰা হৈছে৷ তদুপৰি ফাঁচীবজাৰৰ গোৱেংকা ট্রেডার্ছৰ তিনিজন কর্মচাৰীও ক’ভিড–১৯ত আক্রান্ত হৈছে৷ কিছুদিন পূর্বে ফাঁচীবজাৰৰ আলু, পিঁয়াজৰ গুদামত কর্মৰত মুংৰু সাহানী নামৰ এজন শ্রমিকৰ পৰা প্রায় ২৫জনলৈ শৰীৰলৈ বিয়পিছিল মাৰাত্মক ক’ৰোনা ভাইৰাছ৷ ইয়াৰ পাছত পাণবজাৰৰ জৈন ফার্মা নামৰ এখন ব্যৱসায়িক প্রতিষ্ঠানৰ কেইজনো কর্মচাৰীৰ শৰীৰত ক’ৰোনা ভাইৰাছ ধৰা পৰিছিল৷ ইয়াৰ পাছতে সেই অঞ্চলটো একপ্রকাৰ ক’ৰোনাৰ হটবেডত পৰিণত হৈছিল৷ পুনৰ গোৱেংকা ট্রেডার্ছৰ তিনিজন কর্মচাৰী আক্রান্ত হোৱাত স্বাভাৱিকতেই ফাঁচীবজাৰত আতংক সৃষ্টি হৈছে৷
ইফালে, আঠগাঁওস্থিত এপল’ ক্লিনিকৰ এজন কর্মচাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাত ক্লিনিকখন আজি ছীল কৰি দিয়ে কামৰূপ মহানগৰ জিলা প্রশাসনে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে কালি অনিল নগৰৰ এজন ৰিক্সাচালকৰ শৰীৰত ক’ভিড–১৯ ধৰা পৰিছিল৷ ৰিক্সাচালকজনৰ পত্নীয়ে অঞ্চলটোৰ কেইবাঘৰতো কাম কৰিছিল৷ প্রাপ্ত তথ্য অনুসৰি কালিপর্যন্ত তেওঁ মানুহৰ ঘৰে ঘৰে কাম কৰি ফুৰিছিল৷ তদুপৰি ৰিক্সাচালকৰ পৰিয়ালটো বাস কৰা অঞ্চলটোত ১০–১২ ঘৰ লোক অতি ঘনকৈ বাস কৰি আছিল৷ সেয়েহে সেই অঞ্চলটোত ক’ৰোনা ভাইৰাছৰ সংক্রমণ অধিক দ্রুতগতিত বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ ইপিনে, পাণ্ডু আৰু মালিগাঁৱৰ কেইবাটাও কটেইনমেণ্ট জ’নত খাদ্য–সামগ্রীৰ অভাৱ ঘটা বুলি অভিযোগ কৰিছে জ’নসমূহত বাস কৰা বাসিন্দাই৷ কামৰূপ মহানগৰ জিলা প্রশাসনে তেওঁলোকক খাদ্য আৰু আন অত্যাৱশ্যকীয় সামগ্রী পর্যাপ্ত পৰিমাণে যোগান নধৰা বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে৷ ইফালে, ক’ৰোনাত আক্রান্ত হৈছে মহানগৰীৰ চাবিপুল বৰচলা বিলপাৰৰ এজন ব্যৱসায়ী৷ আঠগাঁৱত ব্যৱসায়িক প্রতিষ্ঠান থকা তিৱাৰী উপাধিৰ ব্যক্তিজন কিছুদিন ধৰি জ্বৰ–কাহত ভুগি আছিল৷ যাৰ বাবে তেওঁ নিজে গৈ ছোৱাবৰ নমুনা পৰীক্ষা কৰিবলৈ দিছিল৷ আজি ক’ৰোনা পজিটিভ অহাত তেওঁক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷
ইতিমধ্যে ব্যৱসায়ীজনে বাস কৰা এপার্টমেণ্টটো ছীল কৰিছে জিলা প্রশাসনে৷ প্রাপ্ত তথ্য অনুসৰি ব্যৱসায়ীজনে কালিপর্যন্ত বিভিন্ন স্থানত ঘূৰি ফুৰিছিল৷ যাৰ বাবে অঞ্চলটোৰ বাসিন্দাসকল শংকিত হৈ পৰিছে৷