নিয়মীয়া বাৰ্তা ২২ জুনঃ “আমাৰ মাজত কোনো কাজিয়া নাই। ৰকিবুল আৰু মই ভাল বন্ধু, আমি একেলগে কাম কৰিছোঁ আৰু ৰকিবুল হুছেইন আমাৰ দলৰ সম্পদ। অগেনাইজিং কেপাচিটি থকা কঠোৰ পৰিশ্ৰমী এজন নেতা।গতিকে আমাৰ মাজত একো নাই।কিবা এটা কথাত চাৰিবেৰৰ মাজত মত বিৰোধ হ’ব পাৰে কিন্তু বাহিৰত গৈ কোনো মাৰপিট কৰা নাই। দলৰ মাজত হোৱা সৰু কথাকে বেছিকৈ বাহিৰত উলিয়াই দিয়ে।” দেওবাৰে ৰহাত সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ প্ৰশংসাত পঞ্চমুখ হ’ল নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে। ৰহা ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাসক কাষত লৈ দলীয় একাংশ নেতা-কৰ্মীৰে হোৱা আলোচনাৰ প্ৰাকমুহূৰ্তত ৰহাৰ স্থানীয় সংবাদমাধ্যমৰ আগত নিজৰ মতামত প্ৰকাশ কৰি কয় যে, আগন্তুক সময়ত ৰাজ্যত কংগ্ৰেছ দলে সবল স্থিতিলৈ আহিবলৈ সক্ষম হ’ব বুলি কয়। লগতে সাংসদ গৰাকীক পৰৱৰ্তী অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ লাভ কৰিব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত আগন্তুক নিৰ্বাচনলৈকে নেতৃত্বৰ কোনো সলনি নহয় বুলিহে কোৱাৰ লগতে ইয়াৰ বিপৰীতে সকলোৱে মিলি কংগ্ৰেছ দলক ক্ষমতাত প্ৰতিষ্ঠিত কৰাহে এক লক্ষ্য বুলি মন্তব্য কৰে। সাংসদ গৰাকীয়ে পুনৰ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব বুলি ওলোৱা কথাক নসাৎ কৰি তেঁও পুনৰ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দীতা নকৰে বুলি মন্তব্য কৰি বৰ্তমান ৰাইজে ২০২৪ চনলৈকে সাংসদ হিচাপে দ্বায়িত্ব দিছে সেই দ্বায়িত্ব পালন কৰি যাব বুলি কয়।
আনহাতে আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ একাংশ নেতাই এআইইউডিএফৰ সৈতে মিত্ৰতা কৰি বিজেপিদলক শাসনৰ পৰা গাদীচ্যুত কৰিবলৈ আলোচনা চলাই থকাৰ সন্দৰ্ভত কংগ্ৰেছে এই মিত্ৰতা হ’ব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ বৰদলৈয়ে বৰ্তমানলৈকে কোনো মিত্ৰতা নাই হোৱা বুলি স্পষ্টকৈ মন্তব্য কৰে। উল্লেখ্য যে,বৰ্তমান বিজেপিৰ দখলত থকা ৰহা বিধান সভা সমষ্টিটো আগন্তুক নিৰ্বাচনত কিদৰে কংগ্ৰেছৰ হাতলৈ আনিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি সাংসদ গৰাকীয়ে দেওবাৰে ৰহাত দলীয় একাংশ নেতা -কৰ্মীৰে গোপনে বৈঠকত মিলিত হয়।