নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামিয়া মিলিয়াৰ গর্ভৱতী শিক্ষার্থী জাৰগাৰক প্রত্যাহ্বান আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ২৩ জুনঃ নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী প্রতিবাদৰ সময়ত উত্তৰ–পূব দিল্লীৰ সাম্প্রদায়িক সংঘর্ষত জড়িত জামিয়া মিলিয়া ইছলামিয়াৰ এমফিল শিক্ষার্থী ছাফুৰা জাৰগাৰ অন্তঃসত্ত্বা বাবেই কাৰাগাৰত থাকিব নোৱাৰে বুলি আদালতত কৰা জামিন আবেদনক প্রত্যাহ্বান জনাইছে দিল্লী আৰক্ষীয়ে৷

উল্লেখনীয় যে ১০ এপ্রিলত গ্রেপ্তাৰ কৰা হৈছিল জাৰগাৰক৷ কিন্তু শেহতীয়াকৈ সন্ত্রাস প্রতিৰোধী আইন ইউএপিএৰ অধীনত অভিযুক্ত হোৱা জাৰগাৰে যুক্তি দর্শাইছে যে তিহাৰ জে’লত থকাটো তেওঁৰ বাবে স্বাস্থ্যসন্মত নহ’ব৷

দিল্লী উচ্চ ন্যায়ালয়ত জাৰগাৰে জনোৱা এই আবেদনৰ পিছতে আৰক্ষীয়ে ইয়াক প্রত্যাহ্বান জনাই উল্লেখ কৰিছে যে বিগত ১০ বছৰত তিহাৰ কাৰাগাৰত ৩৯গৰাকী মহিলা কয়েদীয়ে সন্তান জন্ম দিছে৷ এইক্ষেত্রত কোনোধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই৷ গতিকে জাৰগাৰক কেৱল অন্তঃসত্ত্বা বাবেই জামিনত মুক্তি দিয়াটো উচিত নহয় বুলি যুক্তি দর্শাইছে দিল্লী আৰক্ষীয়ে৷

অৱশ্যে তিহাৰ কাৰাগাৰত থকা সময়ত জাৰগাৰক প্রয়োজনীয় সুৰক্ষা তথা চিকিৎসা সাহায্য প্রদান কৰাৰ প্রয়োজন আছে বুলি দিল্লী আৰক্ষীয়ে দাখিল কৰা আবেদনত প্রকাশ পাইছে৷

You might also like