অংকিতাই বচাব পাৰিলে হয় সুশান্তৰ জীৱন!
নিয়মীয়া বাৰ্তা, ২৩ জুনঃ অংকিতা লোখণ্ডে, সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেমিকা। অংকিতাক লৈ সুশান্তৰ এজন বন্ধুৱে ছচিয়েল মিডিয়াত দিয়া এটা পোষ্টে এতিয়া আৱেগিক কৰি তুলিছে প্ৰতিজন সুশান্তৰ অনুৰাগীক।
সুশান্তৰ মৃত্যুৰ খবৰ যেন এতিয়াও সহজভাৱে ল’ব পৰা নাই অনুৰাগীসকলে। পবিত্ৰ ৰিস্তাৰ মানৱৰ মৃত্যুৰ খবৰে ম্ৰিয়মান কৰিছে দেশবাসীক। সুশান্ত-অংকিতা সকলোৰে প্ৰিয় যুতি আছিল। পবিত্ৰ ৰিস্তাত পতি-পত্নীৰ অভিনয় কৰা মানব-অৰ্চনাই পৰৱৰ্তী সময়তো পবিত্ৰ সম্পৰ্কত বান্ধ খোৱাৰ সপোন দেখিছিল। কিন্তু বাস্তৱত এয়া হৈ নুঠিল। কিছু মনোমালিন্যৰ বাবে দুয়ো দুয়োৰে পৰা আঁতৰি আহিছিল।
এই সন্দৰ্ভত সুশান্তৰ ঘনিষ্ঠ বন্ধু সন্দীপ সিঙে লিখিছে ”সময় বাগৰৰ লগে লগে মোক কিছু কথাই ব্যতিব্যস্ত কৰিছে। আমি সুশান্তক ধৰি ৰাখিব পাৰিলো হয়। আমি নিশ্চয়কৈ সুশান্তৰ জীৱন বচাব পাৰিলো হয়।
অংকিতাক উদ্দেশ্যি তেওঁ কয় যে ”যেতিয়া তোমালোকে নিজৰ জীৱন বিচাৰি আঁতৰি গৈছিলা তেতিয়া তুমি সুশান্তৰ সকলো উত্তোৰণ কামনা কৰিছিলা। আমি একেলগে কটোৱা প্ৰতিটো দিনৰ কথাই মোক আমনি কৰিছে। একেলগে থকা, খোৱা আৰু লং ড্ৰাইভ। সুশান্ত যে নাই সেইটো মানি ল’বলৈ বৰ কষ্ট হৈছে। সুশান্ত-তুমি আৰু মই কটোৱা প্ৰতিটো দিনেই বিশেষ আছিল। তুমি (অংকিতা) যেন সুশান্তৰ বাবেই আছিল। মই জানো তুমিয়েই সুশান্তৰ জীৱন বচাব পাৰিলা হয়। আমি যুগ্ম জীৱনৰ কামনা কৰিছিলো। সুশান্তৰ লগত অংকিতাৰ বিয়া হোৱাটো বিচাৰিছিলো। যদিহে তুমি তাৰ লগত থাকিলা হয় আজি এনে অবস্থা নহল হয় বুলিও ছচিয়েল মিডিয়াত প্ৰকাশ কৰে সন্দীপ সিঙে।