নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথ–মুকালমুৱা গণসংক্রমণৰ আশংকা

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ নলবাৰী জিলাৰ বৰক্ষেত্রীত আৰু এজনৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ৷ বৰক্ষেত্রী ৰাজহ চক্রৰ অন্তর্গত পুৰাণ আখিয়া গাঁৱৰ মণ্টু মেধি নামৰ লোকজনৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰাৰ পিছতে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷ মণ্টু মেধিৰ শৰীৰত ক’ভিড–১৯ পজিটিভ পোৱাৰ পিছতে মুকালমুৱা চিকিৎসালয়ত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে পুৰাণ আখিয়া গাঁৱৰ মণ্টুু মেধি গুৱাহাটীৰ লাখটকীয়াৰ এখন ইলেকট্ৰিকেল দোকানত কর্মৰত আছিল৷ মুকালমুৱা স্বাস্থ্য বিভাগৰ সূত্রৰ পৰা জানিব পৰা মতে, মণ্টু মেধিয়ে গুৱাহাটীত ক’ভিড পজিটিভ ৰোগীৰ সংস্পর্শলৈ অহাৰ পিছত যোৱা ১৭ জুনত গুৱাহাটীত স্বাস্থ্য বিভাগৰ দলে ছোৱাব সংগ্রহ কৰে৷ পৰীক্ষাৰ ফলাফল নোলোৱা পর্যন্ত তেওঁক হোম কোৱাৰেণ্টাইনৰ নির্দেশ দিছিল৷ কিন্তু মেধিয়ে গুৱাহাটীত হোম কোৱাৰেণ্টাইনত নাথাকি উক্ত দিনাই মুকালমুৱাৰ পুৰাণ আখিয়া গাঁৱৰ স্ব–গৃহলৈ গুচি আহে৷

 তেওঁৰ ছোৱাব পৰীক্ষাৰ ফলাফল পজিটিভ ওলোৱাত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় গাঁওখনত৷ কালি নিশাই মুকালমুৱা স্বাস্থ্য বিভাগৰ দল এটাই মণ্টু মেধিক তেওঁৰ গৃহৰ পৰা স্বাস্থ্য বিভাগৰ গাডীত নলবাৰী শ্বহীদ মুকুন্দ কাকতি হাস্পতাললৈ প্রেৰণ কৰে৷ মুকালমুৱা স্বাস্থ্য বিভাগৰ দলটোৱে জানিবলৈ দিয়া মতে, হোম কোৱাৰেণ্টাইনৰ নির্দেশ প্রদান কৰা মণ্টু মেধিয়ে স্বাস্থ্য বিভাগৰ নির্দেশক অমান্য কৰি অনাই–বনাই ঘূৰাৰ লগতে আলহীৰ ঘৰলৈও গৈছিল৷ স্বাস্থ্য বিভাগৰ দল আৰু পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, মণ্টু মেধিয়ে কালি তেওঁৰ দুগৰাকী কন্যা সন্তানৰ স’তে বৰক্ষেত্রীৰ মুগদি গাঁৱৰ শহুৰৰ ঘৰলৈও গৈছিল৷

তদুপৰি ওচৰৰে কচুৱা গাঁৱৰ কোনো এক আলহীৰ ঘৰতো মেধিয়ে চাহ–জলপান খাই আহিছিল৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে, গাঁওখনতো মণ্টু মেধিয়ে ইঘৰ–সিঘৰত ঘূৰি ফুৰিছিল৷ যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে পুৰাণ আখিয়া গাঁৱকে ধৰি সমগ্র লাউপাৰা অঞ্চল৷ আনহাতে, মণ্টু মেধিয়ে নিজ গাঁৱলৈ আহি ভাতৃ ৰাজেন মেধিসহ যৌথ পৰিয়ালটোৰ সৈতে একেলগে আছিল৷ পেছাত টেম্পোচালক ৰাজেন মেধিয়ে কালি নিশা গাঁওখনৰ এজন ৰোগীক মুকালমুৱা সামূহিক চিকিৎসালয়লৈ লৈ আহিছিল৷

টেম্পোচালক ৰাজেন মেধি ক’ভিড আক্রান্ত মণ্টু মেধিৰ ভাতৃ বুলি জানিব পাৰি মুকালমুৱা সামূহিক চিকিৎসালয়তো এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয়৷ ৰাজেন মেধিয়ে কালি নিশা গাঁওখনৰ লোকজনক মুকালমুৱা চিকিৎসালয়ৰ চিকিৎসক ডাঃ শান্তনু চৌধুৰীৰ ওচৰত চিকিৎসা প্রদান কৰাত আজি চিকিৎসকজনৰ লগতে দুগৰাকী নার্ছৰো ছোৱাব সংগ্রহ কৰা বুলি জানিবলৈ দিয়ে মুকালমুৱা সামূহিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ চক্রধৰ বর্মনে৷ ইপিনে, মণ্টু মেধিৰ যৌথ পৰিয়ালটোৰ পাঁচটি শিশুকে ধৰি মুঠ ১৩গৰাকী লোকৰ আজিয়ে ছোৱাব সংগ্রহ কৰি তেওঁলোকক হোম কোৱাৰেণ্টাইনৰ নির্দেশ দিব বুলি মুকালমুৱা স্বাস্থ্য বিভাগৰ দলে সাংবাদিকক জানিবলৈ দিয়ে৷ সমান্তৰালভাৱে মুগদি আৰু কচুৱা গাঁৱৰ পৰিয়ালকেইটাৰো ছোৱাব সংগ্রহ কৰিব বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে৷ মণ্টু মেধিৰ ক’ভিড আক্রান্তৰ খবৰে অঞ্চলটোত এতিয়া তীব্র চাঞ্চল্যৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে গণসংক্রমণৰ আশংকাত ভুগিছে সমগ্র বৰক্ষেত্রীবাসী৷

You might also like