নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত নিষিদ্ধ হোৱাৰ দিশে ছলমান খান, আলিয়া ভাট আৰু কৰণ জোহৰৰ ছবি

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে বলীউডত চলি থকা স্বজন-তোষণক (নেপোটিজিম) লৈ সৰ্বত্ৰ চৰ্চা চলিছে ।

ছ’চিয়েল মিডিয়াতো বলীউডৰ এই নেপোটিজমক লৈ বৰ্তমান চৰ্চা চলি থকাৰ সময়তে বিহাৰত একাংশ লোকে অভিনেতা ছলমান খান, আলিয়া ভাট আৰু কৰণ জোহৰৰ ছবিত নিষিদ্ধ ঘোষণা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।

উল্লেখ্য যে সুশান্তৰ সিং ৰাজপুতৰ আত্মহত্যাক লৈ কিছু পলমকৈ হ’লেও মত প্ৰকাশ কৰিছিল ছলমান খানে। যোৱা শনিবাৰে সুশান্তৰ অনুৰাগীসকলৰ সৈতে তেওঁৰ নিজৰ অনুৰাগীসকলক থিয় দিয়াৰ আহ্বান জনাইছিল। নিজৰ অনুৰাগীসকলক ছালমানে ছ’চিয়েল মিডিয়াত  প্ৰকাশ হোৱা বিৰূপ ভাষালৈ গুৰুত্ব নিদি তেওঁলোকৰ অন্তৰৰ ভাবনাক বুজি তেওঁলোকৰ সৈতে মিলি যাবলৈ অনুৰোধ জনাইছিল। কিন্তু তাৰ পাছতে অনুৰাগীসকলৰ তীব্ৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছিল ছলমান খান ।

ইপিনে যোৱা ১৮ জুনত কণ্ঠশিল্পী চনু নিগমে এক ভিডিঅ’যোগে কয়- “যদি শীঘ্ৰে সংগীত জগততো মাফিয়াৰাজৰ অন্ত নপৰে, তেন্তে সুশান্তৰ দৰে ঘটনাৰ পুনৰাবৃত্তি ঘটিব সংগীত জগততো ।”

আনহাতে আজি সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ উকৎণ্ঠা, তীব্ৰ বাদানুবাদ চলি থকাৰ মাজতে অৱেশষত ফাইনেল পোষ্টমৰ্টেম ৰিপ’ৰ্ট প্ৰকাশ পালে । এই প্ৰতিবেদন অনুসৰিও সুশান্তই আত্মহত্যা কৰাটোৱে নিশ্চিত হ’ল।

You might also like