নিয়মীয়া বাৰ্তা, ২৬ জুন: প্রায় এটা বছৰৰ পিছত যমুনাৰ পানীত দেখিবলৈ পোৱা গৈছে কেইবাটাও পোৱালি ঘঁৰিয়াল৷ এই ঘঁৰিয়ালবোৰ যমুনাৰ বুকুত দৃশ্যমান হোৱাৰ লগে লগে প্রকৃতিপ্রেমী সংগঠনসমূহে দাবী কৰিছে যে ঘঁৰিয়ালে নদীখনক অন্য এক প্রাকৃতিক বিচৰণভূমি হিচাপে বাছি লৈছে৷
লক্ষণীয়ভাৱে যমুনাৰ পৰিষ্কৰণ কার্যসূচী ক্ষিপ্রতাৰে চলালে জৈৱ–বৈচিত্র্য সংৰক্ষণ হ’ব বুলিও একাংশ পৰিৱেশবিদে সংবাদ মাধ্যমক জনাইছে৷ স্মর্তব্য যে চম্বল নদীত বিচৰণ কৰা ঘঁৰিয়ালবোৰে ক্রমান্বয়ে যমুনা অভিমুখে যাত্রা কৰিবলৈ লৈছে৷ কিন্তু যমুনা হৈছে দেশৰ প্রদূষিত নদীসমূহৰ ভিতৰত অন্যতম৷ ঘঁৰিয়ালে ইটৱাহৰ ভাউপুৰাত চলিত বর্ষত কণী পৰা বুলি পূর্বে সংবাদ মাধ্যমত সদৰী হৈছিল৷ যোৱা ১৫ জুনত মাইকী ঘঁৰিয়াল এটাৰ সৈতে ১৫টাকৈ পোৱালি যমুনাৰ বুকুত প্রথম দেখিবলৈ পোৱা যায়৷ লগে লগে গ্রামাঞ্চলৰ জনসাধাৰণৰ মাজত বিষয়টোক লৈ সৃষ্টি হয় আতংক৷ কিন্তু আঞ্চলিক বন সঞ্চালক ৰাজেশ কুমাৰ বার্মাই উল্লেখ কৰা অনুসৰি যমুনালৈ পুনৰ ঘঁৰিয়াল ঘূৰি অহাটো এক আশাৰ কথা৷
কাৰণ যমুনাই ভৱিষ্যৎ দিনত জৈৱ–বৈচিত্র্য ৰক্ষাৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা প্রকট হৈছে৷ অৱশ্যে তাৎক্ষণিকভাৱে উত্তৰ প্রদেশ চৰকাৰে এই সন্দর্ভত সবিশেষ তথ্য সদৰী কৰা নাই৷