গালৱান উপত্যকাত অব্যাহত চীনৰ নির্মাণকাৰ্য
নিয়মীয়া বাৰ্তা, ২৬ জুন: পূব লাডাখৰ গালৱান উপত্যকাত ভাৰত–চীনৰ সেনাৰ মাজৰ সংঘর্ষৰ পিছতে নতুন উপগ্রহ ছবিত দেখিবলৈ পোৱা গৈছে যে বিবদমান গালৱানৰ সমীপতে বেইজিং প্রশাসনে বিভিন্ন ধৰণৰ নির্মাণকার্য চলাইছে৷
গালৱান উপত্যকাত বেইজিং প্রশাসনে সামৰিক ঘাটি স্থাপন কৰা বুলি উপগ্রহ ছবিৰ বিশ্লেষণৰ পিছতে বিশেষজ্ঞসকলে ঘোষণা কৰিছে৷ স্মর্তব্য যে ১৫ জুনত দুয়োখন দেশৰ সেনাৰ মাজত সৃষ্টি হোৱা সংঘর্ষত ২০জন ভাৰতীয় জোৱান শ্বহীদ হৈছিল৷ এই সংঘর্ষত চীনৰ কেইবাগৰাকীও বিষয়া তথা জোৱান নিহত হোৱা বুলিও নতুন দিল্লী প্রশাসনে দাবী কৰিছে৷
নতুন এই উপগ্রহ ছবিয়ে গালৱান উপত্যকাৰ সমীপতে বেইজিং প্রশাসনে বিভিন্ন নির্মাণকার্য চলাই থকা কথাটো স্পষ্ট কৰি দিয়াৰ লগে লগে সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ সিদ্ধান্ত লৈছে ভাৰতে৷