নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ হোটেলত বর্জন হ’ব চীনা সামগ্রী

নিয়মীয়া বাৰ্তা, ২৬ জুন: দেশৰ ৰাজধানী মহানগৰ নতুন দিল্লীত হোটেল আৰু অতিথিশালাত চীনা নাগৰিকসকলক কোনো ধৰণৰ সুবিধা প্রদান নকৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ হোটেল আৰু অতিথিশালা সংস্থাৰ তৰফৰ পৰা চীনা সামগ্রীৰ ব্যৱহাৰ ইতিমধ্যে নিষিদ্ধ কৰা হৈছে দিল্লীত৷

কনফেডাৰেচন অৱ ইল ইণ্ডিয়া ট্রেডার্ছ (চিএআইটি)ৰ প্রচাৰৰ প্রতি সমর্থন জনাই দিল্লীৰ হোটেল আৰু অতিথিশালা সংস্থাই এই সিদ্ধান্ত গ্রহণ কৰিছে৷ সংস্থাটোৰ সাধাৰণ সম্পাদক মহেন্দ্র গুপ্তাই উল্লেখ কৰিছে যে হোটেল, ৰেষ্টুৰেণ্ট তথা অতিথিশালাসমূহত কোনোধৰণৰ চীনা সামগ্রী ব্যৱহাৰ কৰা নহ’ব৷ এক পত্রত গুপ্তাই এই কথা উল্লেখ কৰাৰ উপৰি চীনৰ পৰা অহা নাগৰিকসকলক হোটেল আৰু অতিথিশালাত থকাৰ সুযোগ দিয়া নহ’ব বুলিও ঘোষণা কৰিছে৷

You might also like