নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ২৪ ঘণ্টাত আক্রান্ত ১৬,৯২২জন

নিয়মীয়া বাৰ্তা, ২৬ জুন: দেশত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ক’ভিড–১৯ত আক্রান্ত হৈছে ১৬,৯২২গৰাকী লোক৷ ইয়াকে ধৰি মুঠ আক্রান্তৰ সংখ্যা ৪,৭৪,৫৮৭গৰাকীলৈ বৃদ্ধি পাইছে৷

ইফালে, মৃত্যু হোৱা লোকৰ সংখ্যা ১৪,৯১৫গৰাকীলৈ বৃদ্ধি পাইছে দেশত৷ অৱশ্যে যোৱা ২৪ ঘণ্টাত ১৩ হাজাৰ ক’ভিড ৰোগী সংক্রমণমুক্ত হৈছে৷ লক্ষণীয়ভাৱে বিশ্বত ৯৫,৬১,২২৯গৰাকীলৈ বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা৷ ইফালে বিশ্বজুৰি প্রাণ হেৰুৱাইছে ৪,৮৫,৬৩২গৰাকীয়ে৷

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ তথ্য অনুসৰি ভাৰতৰ ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও মাত্র ৪.১৬ শতাংশ ৰোগীকহে ভেণ্টিলেটৰত ৰাখিবলগীয়া হৈছে৷ অর্থাৎ দেশখনত গুৰুতৰভাৱে আক্রান্ত ক’ভিড ৰোগীৰ সংখ্যা বিশ্বৰ অন্য দেশৰ তুলনাত যথেষ্ট কম৷

You might also like