নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত যুদ্ধৰ অনুশীলন, পুনৰ হ’ব নেকি চীন-ভাৰতৰ যুদ্ধ ?

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ ভাৰত-চীনৰ সংঘাত ক্ৰমশঃ ঘনীভূত হৈ আহিছে। আজি ইয়াৰ কিছু আভাস পোৱা গ’ল ভাৰত-চীন সীমান্তৰ লেহত ভাৰতৰ বায়ুসেনা আৰু স্থলসেনাই চলোৱা যুদ্ধৰ অনুশীলনত। যুঁজাৰু বিমান ছুখই, এম কে আই, ছিনুক হেলিকপ্টাৰ, মী-১৭ আৰু পৰিবহণ বিমান ব্যৱহাৰ কৰা এই অনুশীলনত যুঁজাৰু বিমানেৰে আকাশমাৰ্গ ঘেৰি ৰাখি পৰিবহণ বিমানেৰে গোলা-বাৰুদ আৰু সেনা অনা-নিয়া কৰি থকা হৈছে।

অনুশীলনৰ কাৰণ হিচাপে ব্যাখ্যা কৰা হৈছে দেশখনৰ সামৰিক খণ্ডৰ দুয়োটা বিভাগৰ মাজত তাল-মিল সঠিক কৰি ৰখাৰ প্ৰসংগটো। সেনা সূত্ৰ অনুসৰি, এই অনুশীলন কাৰ্যসূচী চলাই থকা হ’ব। উল্লেখ্য যে কিছুদিন আগতে চীনা সৈন্যই সামৰিক অনুশীলন চলোৱা দেখা গৈছিল। আজি ভাৰতীয় সেনাই চলোৱা অনুশীলনে ভাৰত-চীন যুদ্ধৰ আশংকাকে ঘনীভূত কৰিছে।

উল্লেখ্য, গলৱান ঘাটিত ২০ ভাৰতীয় জোৱানৰ মৃত্যুৰ পিছত দুয়ো ৰাষ্ট্ৰৰ মাজত বহুকেইখন বৈঠক হ’ল যদিও সমিধান অস্পষ্ট ৰূপতে আছে। চীনা সৈন্যই ইতিমধ্যে ভাৰতৰ তিনি ঠাইত ভূমি দখল কৰিছে যদিও প্ৰধানমন্ত্ৰী মোদীয়ে দখল কৰা নাই বুলি কৈ মিছাৰ আশ্ৰয় লোৱা বুলি আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এটা ভিডিঅ’যোগে অভিযোগো উত্থাপন কৰিছে। মুঠতে ভাৰত-চীনৰ সংঘাত এতিয়া এটা জটিল ৰাজনৈতিক বিষয় হৈ উঠিছে।

You might also like