আকর্ষণীয় হ’ব ভাৰত–ষ্ট্রেলিয়াৰ মেচ
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ সমাগত অষ্ট্রেলিয়া ভ্রমণত ভাৰতীয় বেগী বলিং আক্রমণৰ প্রদর্শন প্রত্যক্ষ কৰিবলৈ আগ্রহেৰে অপেক্ষা কৰিছে ইংলেণ্ডৰ প্রাক্তন অধিনায়ক মাইকেল আথাৰটনে৷ বিশ্ব ক্রিকেটৰ অন্যতম জনপ্রিয় ধাৰাভাষ্যকাৰগৰাকীয়্ ছ’নী টেনৰ এক অনুষ্ঠানত কয়– অষ্ট্রেলিয়া ভ্রমণত ভাৰতীয় বেগী বলাৰে ষ্টিভেন স্মিথক কিদৰে নিয়ন্ত্রণত ৰাখে সেয়া লক্ষণীয় হ’ব৷ ‘ভাৰতীয় বলিঙে স্মিথক ৰোধ কৰিবলৈ কি ধৰণৰ ৰণকৌশল যুগুত কৰে সেয়া প্রত্যক্ষ কৰিবলৈ মই আগ্রহেৰে অপেক্ষা কৰিছোঁ৷ এই যুঁজ অত্যন্ত আকর্ষণীয় হোৱাৰ সম্ভাৱনা আছে৷ স্মিথ এগৰাকী অস্বাভাৱিক শৈলীৰ বেটছমেন৷ তেওঁক বান্ধি ৰখাটো ভাৰতীয় দলৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ হ’ব৷ অষ্ট্রেলিয়াত ভাৰতে জয় সাব্যস্ত কৰিবলৈ হ’লে বেগী বলিং আক্রমণে শক্তিশালী প্রদর্শন দাঙি ধৰিব লাগিব৷’– আথাৰটনে এইদৰে কয়৷ ইংলেণ্ডক ৫৪খন টেষ্টত নেতৃত্ব দিয়া প্রাক্তন অধিনায়কগৰাকীয়ে এই কথাও ব্যক্ত কৰে যে অষ্ট্রেলিয়াৰ বাউন্সী উইকেটত ৰোহিত শর্মাৰ আক্রমণাত্মক বেটিংশৈলী সফল হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে টীম ইণ্ডিয়াই অহা ডিচেম্বৰ–জানুৱাৰীত পূর্ণাংগ শৃংখলাৰ সূচী লৈ অষ্ট্রেলিয়ালৈ ৰাওনা হ’ব৷ ২০১৮–১৯ৰ ছিজনত অষ্ট্রেলিয়াক ঘৰৰ মাটিত পৰাস্ত কৰি ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰা ভাৰতৰ খেল উপভোগ কৰিবলৈ বিশ্বৰ অজস্র অনুৰাগীয়ে অপেক্ষা কৰিছে৷