ভাৰতীয় ক্রিকেটৰ বাবে গুৰুত্বপূর্ণ গাংগুলী–দ্রাবিড় যুটীঃ লক্ষ্মণ
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ বিচিচিআইৰ সভাপতিৰ আসনত থকা প্রাক্তন অধিনায়ক সৌৰভ গাংগুলী আৰু এনচিএৰ মুৰব্বী ৰাহুল দ্রাবিড়ে ভাৰতীয় ক্রিকেটৰ প্রশাসনিক বিভাগৰ দুটা গুৰুত্বপূর্ণ পদত থকাটো দেশৰ ক্রিকেটৰ বাবে মংগলজনক৷ ক্রিকেটৰ পথাৰত ভাৰতৰ বহু জয়ৰ নায়ক গাংগুলী–দ্রাবিড় যুটী দেশৰ ক্রিকেটৰ অনাগত ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ৷ এইকথা প্রকাশ কৰিছে ভাৰতৰ প্রাক্তন মিডল অর্ডাৰ বেটছমেন ভি ভি এছ লক্ষ্মণে৷ ষ্টাৰ স্পর্টছৰ এক অনুষ্ঠানত অংশ লৈ একালৰ ষ্টাইলিছ বেটছমেনগৰাকীয়ে কয় যে ভাৰতে অনাগত কিছু বছৰত ক্রিকেটৰ আটাইকেইটা সংস্কৰণত আধিপত্য বিস্তাৰ কৰিবলৈ হ’লে গাংগুলী–দ্রাবিড়ৰ যুটী অব্যাহত থকাৰ প্রয়োজন আছে৷ গাংগুলী আৰু দ্রাবিড়ৰ সৈতে খেলা কেইবাটাও মেচ উইনিং ইনিংছৰ কথাও লক্ষ্মণে আজি স্মৰণ কৰে৷ ‘গাংগুলীক মই ১৫ বছৰ অনূর্ধ্বৰ পৰাই ভালদৰে জানো৷ ৰঞ্জি ট্রফীতো আমি একেলগে খেলিছোঁ৷ ইডেন গার্ডেন আৰু লর্ডছত তেওঁৰ অভিষেক মেচ প্রত্যক্ষ কৰাৰ সৌভাগ্য অর্জন কৰিছিলোঁ৷ লর্ডছত অভিষেক মেচত শতক অর্জন কৰাৰ সময়তো মই তেওঁৰ কাষত আছিলোঁ৷’– লক্ষ্মণে এইদৰে কয়৷