নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান হোটেল ব্ৰক্ষ্মপুত্ৰত এজন ক’ভিড পজিটিভ

নিয়মীয়া বাৰ্তা, ২৭ জুন : দুলীয়াজানত কোৱাৰেন্টাইন হৈ থকা পুনৰ আন এগৰাকী যুৱকৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে । ভ্ৰমণ বৃত্তান্ত থকা যুৱকজন বিপিন গাৰ্গ (৩৫) চি আৰ পি এফৰ জোৱান বুলি সন্দেহ কৰা হৈছে ।

প্ৰাপ্ত তথ‍্য অনুসৰি যুৱকজনে বিমান যোগে হাৰিয়ানাৰ পৰা আহি ডিব্ৰুগড়ৰ বিমান বন্দৰত যোৱা ২১ জুন তাৰিখে ছোৱাব পৰীক্ষা সম্পন্ন কৰি দুলীয়াজানৰ হোটেল ব্ৰহ্মপুত্ৰত কোৱাৰেন্টাইন হৈ আছিল ।

ইতিমধ্যে পজিটিভ চিনাক্ত হোৱাত কালি নিশা প্ৰায় ৮ বজাত টেঙাখাট খণ্ড প্ৰাথমিক স্বাস্হ‍্যকেন্দ্ৰৰ স্বাস্হ‍্যকৰ্মীয়ে প্ৰশাসনৰ উপস্হিতিত পজিটিভ ৰোগী গৰাকীক ১০৮ ৰ যোগেদি অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । আনহাতে এই ৰোগীজনৰ সংস্পৰ্শলৈ অহাৰ সন্দেহত স্বাস্হ‍্যকৰ্মীয়ে ২৯ গৰাকীকৈ ব‍্যক্তিৰ তথ‍্য সংগ্ৰহ কৰিছে । ইতিমধ্যে হোটেল ব্ৰক্ষ্মপুত্ৰ কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে ।

You might also like