লকডাউন কঠোৰভাৱে বলৱৎ কৰিবলৈ আৰক্ষীক নির্দেশ চৰকাৰৰ
গুৱাহাটীৰ পৰা যোৱা লোকে অনুমতি লৈহে অন্য চহৰত প্রৱেশ কৰিব পাৰিব
নিয়মীয়া বাৰ্তা, ২৮ জুনঃ গুৱাহাটী মহানগৰীত দ্রুতগতিত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি কাইলৈৰ পৰা বলৱৎ কৰিব লগা লকডাউন কঠোৰভাৱে কার্যকৰী কৰা হ’ব৷ এই কথা স্পষ্ট কৰি দিলে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই৷ জনতা ভৱনত সাংবাদিকক সম্বোধি মুখ্য সচিবজনে ইয়াকো উল্লেখ কৰে যে এই সন্দর্ভত ইতিমধ্যে জিলা প্রশাসন আৰু আৰক্ষীক নির্দেশ দিয়া হৈছে৷ মুখ্য সচিবজনে কয়– ৰাজ্যত প্রায় ৭ হাজাৰ ক’ৰোনা আক্রান্ত চিনাক্ত হৈছে৷
কিন্তু কেৱল গুৱাহাটীত প্রতিদিনে ১৫০–২০০জন লোক আক্রান্ত হৈছে৷ ফলত সামাজিক সংক্রমণৰ সম্ভাৱনীয়তা বৃদ্ধি পাইছে৷ মহানগৰীৰ ১১টা ৱার্ডত সংক্রমণৰ ঘটনা বৃদ্ধি পোৱাত লকডাউন দিয়া হৈছিল যদিও এই ব্যৱস্থা বিশেষ ফলপ্রসূ নহ’ল৷ গতিকে সামাজিক সংক্রমণ ৰোধৰ বাবে কামৰূপ (মহানগৰ)ত কঠোৰ লকডাউনৰ প্রয়োজন হৈ পৰিছে৷ ইফালে, গুৱাহাটীত কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া ১৪ দিনীয়া লকডাউনৰ সমান্তৰালকৈ ৰাজ্যৰ পৌৰসভা এলেকা তথা চহৰসমূহত সপ্তাহত দুদিনীয়াকৈ লকডাউন বলৱৎ কৰা হ’ব৷
মুখ্য সচিবজনে কয় যে যিসকল লোকে গুৱাহাটীৰ পৰা ৰাজ্যৰ আন চহৰলৈ যাব বিচাৰে, সেইসকল লোকে চহৰখনত সোমোৱাৰ পূর্বে আৰক্ষী তথা প্রশাসনৰ অনুমতি ল’ব লাগিব৷ উল্লেখ্য যে প্রতি শনিবাৰ আৰু দেওবাৰে ৰাজ্যৰ পৌৰসভা এলেকা আৰু চহৰ অঞ্চলত সর্বাত্মক লকডাউন বলৱৎ হ’ব৷ অৱশ্যে ৰাষ্ট্রীয় ঘাইপথসমূহত লকডাউন বলৱৎ নহয়৷ সেয়ে গুৱাহাটীৰ পৰা নিজ নিজ গৃহলৈ যাবলৈ একপ্রকাৰ হেতা–ওপৰা সৃষ্টি কৰে বহুসংখ্যক লোকে৷ পৌৰসভা এলেকাসমূহত আজিৰ পৰিৱর্তে কাইলৈ পুৱা ৭ বজাৰ পৰা কঠোৰ লকডাউন আৰম্ভ হ’ব৷
লকডাউন ঘোষণাৰ পাছতে সামগ্রীৰ ব্যাপক মূল্যবৃদ্ধিৰ বিষয়টো সাংবাদিকে মুখ্য সচিবক দৃষ্টিগোচৰ কৰাত তেওঁ কয় যে বজাৰত কৃত্রিম মূল্যবৃদ্ধি ঘটা বুলি ৰাজ্য চৰকাৰ অৱগত হৈছে আৰু জিলা উপায়ুক্ত আৰু যোগান বিভাগক এইক্ষেত্রত কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ কালি বিভিন্ন বজাৰত যোগান বিভাগে অভিযান চলোৱা বুলিও তেওঁ জানিবলৈ দিয়ে৷ মন কৰিবলগীয়া যে গুৱাহাটীৰ পৰা ভিন্ন প্রান্তলৈ যাবলৈ খানাপাৰাত বহু লোকৰ ভিৰ পৰিলক্ষিত হয়৷ সাধাৰণ লোকৰ এনে ভিৰৰ সুযোগ লৈ আজি বহু যাত্রীবাহী বাছে ভাৰা তিনিগুণলৈ বৃদ্ধি কৰিছে৷ ৩০০ টকা ভাৰাৰ ১,০০০ টকা লোৱাৰ অভিযোগ উঠিছে৷
গুৱাহাটীত লকডাউনৰ পূর্বে আৰক্ষী আয়ুক্তৰ ঘোষণা– কঠোৰ হাতেৰে দমন কৰা হ’ব লকডাউন ভংগকাৰীক
মাৰাত্মক ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণ প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটীত আজি মাজনিশাৰ পৰা ১৪ দিনৰ বাবে ঘোষণা কৰা সর্বাত্মক লকডাউন কঠোৰভাৱে বলৱৎ কৰিব মহানগৰ আৰক্ষীয়ে৷ এইবাৰৰ লকডাউন পূর্বতকৈ অধিক কঠোৰ হ’ব বুলি সদৰী কৰে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাই৷ পল্টনবজাৰস্থিত মহানগৰ আৰক্ষীৰ ছাউনীত কালি অনুষ্ঠিত এখন সংবাদ মেলত আৰক্ষী আয়ুক্ত গুপ্তাই কয়– এইবাৰৰ লকডাউন অধিক কঠোৰ হ’ব৷
লকডাউন ভংগকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে আইন অনুসৰি ব্যৱস্থা কৰিব৷ বিশেষকৈ ভাৰতীয় দণ্ডবিধিৰ ধাৰা আৰু দুর্যোগ প্রশমন আইনৰ অধীনত গোচৰ ৰুজু কৰি লকডাউন ভংগকাৰীক কাৰাগাৰলৈ প্রেৰণ কৰা হ’ব৷ লকডাউনৰ সময়ত সকলোৱে ঘৰৰ ভিতৰত থাকিবলৈ আৰু মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে চৰকাৰে গ্রহণ কৰা প্রচেষ্টাক সহযোগ কৰিবলৈ তেওঁ মহানগৰবাসীক আহ্বান জনায়৷ উল্লেখ্য যে সংবাদ মেলত লকডাউনৰ কেতবোৰ নীতি–নির্দেশনা ঘোষণা কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে৷ আৰক্ষী আয়ুক্ত গুপ্তাই কয় যে লকডাউনৰ সময়ত কেৱল ৰে’ল আৰু বিমানেৰে যাত্রা কৰিবলগীয়া লোকসকলেহে টিকট দেখুৱাই গুৱাহাটীত প্রৱেশ কৰিব পাৰিব৷
সেইদৰে চিকিৎসাৰ বাবে আহিবলৈ হ’লে চিকিৎসা সম্পর্কীয় নথি–পত্র লৈ আহিব লাগিব৷ লকডাউনৰ সময়ত গুৱাহাটীত কেৱল ১০ শতাংশ বেংকহে খোলা ৰাখিব পাৰিব৷ মহানগৰীৰ কোন কোন স্থানত থকা বেংক খোলা ৰাখিব, সেয়া বেংক কর্তৃপক্ষই নিজে সিদ্ধান্ত ল’ব লাগিব৷ নির্দিষ্ট পৰিমাণৰ কর্মচাৰীৰে খোলা ৰখা বেংকৰ কর্মচাৰীৰ বাবে বেংক কর্তৃপক্ষই বিশেষ পাছৰ ব্যৱস্থা কৰিব লাগিব৷ আনহাতে, চৰকাৰী কার্যালয়ত সচিব আৰু যুটীয়া সচিব পর্যায়ৰ বিষয়া কার্যালয়লৈ যাব পাৰিব৷ ইয়াৰ তলৰ পর্যায়ৰ প্রয়োজনীয় বিষয়া–কর্মচাৰী কার্যালয়লৈ যাবৰ বাবে বিশেষ পাছ দিব লাগিব৷
তদুপৰি মহানগৰীৰ সকলো তেলৰ ডিপো খুলিব নোৱাৰিব আৰু কোনকেইটা ডিপো খোলা থাকিব, তাৰ তালিকা প্রশাসনে প্রকাশ কৰিব৷ সেই তালিকা অনুসৰি কিছু কিছু ঠাইত তেলৰ ডিপো খুলিব পাৰিব বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে উল্লেখ কৰে৷ আনহাতে, লকডাউনৰ সময়ত গেছ এজেন্সীসমূহে ঘৰে ঘৰে চিলিণ্ডাৰ যোগান ধৰিব লাগিব বুলি উল্লেখ কৰি আগন্তুক ১৪ দিনত গেছ চিলিণ্ডাৰক লৈ চিন্তিত নহ’বলৈ মহানগৰবাসীক আহ্বান জনায় আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাই৷ লগতে লকডাউনৰ নীতি–নির্দেশনা সকলোকে মানি চলিবলৈ আহ্বান জনায়৷
১১টা ৱার্ডত লকডাউন শিথিলৰ নির্দেশ, অধিক সংক্রমণৰ আশংকাত সন্ত্রস্ত মহানগৰবাসী
গুৱাহাটী মহানগৰীত ক’ভিড–১৯ৰ সামাজিক সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্রেক্ষিতত যোৱা ২৩ জুনত কামৰূপ (মেট্র’) জিলা প্রশাসনে গুৱাহাটী পৌৰ নিগমৰ ১১টা ৱার্ডত লকডাউন ঘোষণা কৰে৷ ইয়াৰ পাছতো গুৱাহাটী মহানগৰীৰ ভিন্ন প্রান্তত ক্রমবর্ধনাম ৰূপত প্রতিদিনে কোনো ভ্রমণ বৃত্তান্ত নথকা বহু লোকৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰাত স্বাস্থ্য বিভাগৰ লগতে ৰাজ্য চৰকাৰ উদ্বিগ্ন হৈ পৰে৷ ক’ৰোনা মহামাৰীৰ সামাজিক সংক্রমণ ৰোধৰ স্বার্থতে কাইলৈ সন্ধিয়া ৭ বজাৰ পৰা অহা ১২ জুলাই পর্যন্ত সমগ্র কামৰূপ (মেট্র’) জিলাতে চৰকাৰে লকডাউন ঘোষণা কৰিছে৷
পূর্বৰ লকডাউনতকৈ এইবাৰৰ লকডাউন যথেষ্ট কঠোৰ হ’ব বুলি ইতিমধ্যে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰি দিছে৷ আনকি প্রথম সাতটা দিন গেলামালৰ দোকান আদিও বন্ধ থাকিব বুলি এছ অ’ পিত স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷ চৰকাৰ তথা স্বাস্থ্য বিভাগৰ এনে কঠোৰ স্থিতিৰ সময়তে কামৰূপ (মেট্র’) জিলা প্রশাসনে যোৱা ২৩ জুনৰ পৰা ১১টা ৱার্ডত বলৱৎ কৰা লকডাউন আজি আৰু কাইলৈ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ শিথিল কৰিছে৷ মূলতঃ কাইলৈ সন্ধিয়া ৭ বজাৰ পৰা বলৱৎ হ’বলগীয়া কামৰূপ (মেট্র’) জিলাৰ লকডাউনৰ বাবে উক্ত ১১টা ৱার্ডৰ জনসাধাৰণক অত্যাৱশ্যকীয় সামগ্রীৰ বজাৰ–সমাৰ কৰাৰ বাবে পূর্বতে বলৱৎ কৰা লকডাউন শিথিল কৰি দিয়া বুলি জিলা উপায়ুক্তই এক নির্দেশনাত উল্লেখ কৰে৷ চৰকাৰৰ এই নির্দেশনাই সচেতন মহানগৰবাসীক সন্ত্রস্ত কৰি তুলিছে৷
যিটো সময়ত গুৱাহাটী মহানগৰীৰ জনসাধাৰণে সামাজিক দূৰত্ব মানি নচলাৰ লগতে মাস্ক পৰিধান নকৰাৰ বাবেই চৰকাৰে পুনৰ কামৰূপ (মেট্র’) জিলাত লকডাউন দিবলৈ বাধ্য হৈছে, সেই সময়তে ইতিমধ্যে স্পর্শকাতৰ অঞ্চল হিচাপে চিহ্ণিত স্থানত লকডাউন শিথিল কৰা কার্যক বহুতেই সহজভাৱে ল’ব পৰা নাই৷ কনটেইনমেণ্ট অঞ্চলত প্রশাসনে জনসাধাৰণৰ মাজত খাদ্য–সামগ্রী যোগান ধৰাৰ দৰে উক্ত ১১টা ৱার্ডত কিন্তু ব্যৱস্থা নল’লে৷ তাক লৈও ৰাইজৰ মাজত বিভিন্ন প্রশ্ন উত্থাপন হৈছে৷
লকডাউন শিথিলৰ ফলত বিভিন্নজনৰ মনত মহানগৰীত সংক্রমণ অধিক বৃদ্ধি হোৱাৰ আশংকা হৈছে৷ কাৰণ লকডাউন শিথিল হোৱাৰ লগে লগে সেই অঞ্চলত জনসাধাৰণ আন অঞ্চললৈ যোৱাৰ বাট প্রশস্ত হোৱাৰ লগতে আন অঞ্চলৰ পৰাও মানুহৰ আহ–যাহ চলিব৷ ক’ভিড স্পর্শকাতৰ অঞ্চলত এনে স্বাভাৱিক জীৱনযাত্রাই সংক্রমণ বৃদ্ধি কৰিব বুলি বিভিন্নজনে উদ্বেগ প্রকাশ কৰিছে৷