নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিএইচত ক’ভিড–১৯ত আক্রান্ত হেমাংগ মজুমদাৰৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি এগৰাকী ক’ভিড ৰোগীৰ মৃত্যু হয়৷ মৃত লোকজন মহানগৰীৰ খানাপাৰা অঞ্চলৰ হেমাংগ মজুমদাৰ (৪৫)৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই কথা প্রকাশ কৰিছে৷ মন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি লোকজন জটিল পর্যায়ৰ ৰোগত আক্রান্ত হৈ থকা অৱস্থাত চিকিৎসালয়লৈ অনা হৈছিল, যাৰ বাবে চিকিৎসকে তেওঁৰ প্রাণৰক্ষা কৰিব নোৱাৰিলে৷ মজুমদাৰৰ বিয়োগত মন্ত্রী ড০ শর্মাই গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷

আনহাতে, কালিৰ দিনটোতে ৰাজ্যখনত ৩২৭গৰাকী লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই নিশা ১১.৫৫বজাত টুইটযোগে সদৰী কৰা অনুসৰি ইয়াৰে ১৯৫গৰাকী গুৱাহাটী মহানগৰীৰ ৰোগী৷ ইয়াৰ বিপৰীতে কালি ২৭৪গৰাকী ক’ভিড ৰোগী সুস্থ হৈ হাস্পতালৰ পৰা ৰিলিজ লাভ কৰে৷ ইয়াৰ লগে লগে ৰাজ্যখনত সুস্থ হৈ উঠা লোকৰ সংখ্যা ৫,০৮৮গৰাকীলৈ বৃদ্ধি হয়৷ ৰাজ্যখনত সুস্থ হৈ উঠা লোকৰ হাৰ ৭১ শতাংশলৈ বৃদ্ধি পালে৷ এতিয়ালৈ ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্ত হোৱা ৭,৪৯২গৰাকী লোকৰ ভিতৰত বর্তমান ২,৩৯০গৰাকী লোক বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে৷

ইপিনে ৰাজ্যৰ স্বাস্থ্য বিভাগে চলাই থকা ক’ভিডবিৰোধী যুঁজখন শক্তিশালী কৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি ৩০০গৰাকী নার্ছ নিয়মীয়া ভিত্তিত নিযুক্তি দিয়াৰ বিষয়ে মন্ত্রী ড০ শর্মাই আন এক টুইটযোগে প্রকাশ কৰিছে৷ সেইদৰে কালিৰ দিনটোত ৰাজ্যখনত বিভিন্ন লেবৰেটৰীত মুঠ ১০ হাজাৰ লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ এতিয়ালৈ ৰাজ্যখনত ৩,৮৫,২৯৯টা নমুনা পৰীক্ষা সম্পাদন হৈছে৷

ইফালে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙে টুইটযোগে জানিবলৈ দিয়া মতে, আজিলৈকে অসম আৰক্ষীৰ ৪৪গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ১,১২৭গৰাকী আৰক্ষীৰ লোক বর্তমান হোম কোৱাৰেণ্টাইনত আছে৷ সেইদৰে কামৰূপ মেট্র’ জিলাত আজিৰে পৰা আৰম্ভ হোৱা লকডাউনৰ পৰিপ্রেক্ষিতত কাইলৈৰ পৰা অহা ১২ জুলাইলৈকে ০২০৬৭/০২০৬৮ গুৱাহাটী–যোৰহাট–গু জনশতাব্দী স্পেচিয়েল ৰে’লখনৰ যাত্রা বাতিল কৰা হৈছে৷

You might also like