জয়েৰে অভিযান সামৰিলে বেয়ার্নে
নিয়মীয়া বাৰ্তা, ২৯ জুনঃ জয়েৰে ২০১৯–২০ বর্ষৰ বুণ্ডেছলিগা ফুটবল প্রতিযোগিতাত অভিযান সামৰিলে বেয়ার্ন মিউনিখে৷ বিগত সপ্তাহত খিতাপ হস্তগত কৰা বেয়ার্ন মিউনিখে শনিবাৰে নিশা ভ’ল্কছৱেগান এৰেনাত অনুষ্ঠিত একপক্ষীয় মেচখনত বেয়ার্নে ৱ’ল্ফছবার্গক ৪–০ গ’লত বিধ্বস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰিবলৈ সক্ষম হয়৷
এই জয়েৰে দলটোৱে ৩৪ মেচৰ ২৬খনত জয়লাভ কৰি ৮২ পইণ্টেৰে শীর্ষত থাকিবলৈ সক্ষম হয়৷ যোৱানিশাৰ একপক্ষীয় মেচখনৰ চাৰি মিনিটত কিংছলে ক’মানে গ’ল স্ক’ৰ কৰি দলক প্রথমটো সফলতা প্রদান কৰাৰ পিছত ৩৭ মিনিটত মিকেল কুইছানচে, ৭২ মিনিটত ৰবার্ট লেৱানডস্কি আৰু ৭৯ মিনিটত মূলাৰে বেয়ার্ন মিউনিখৰ হৈ গ’লকেইটা স্ক’ৰ কৰে৷
মন কৰিবলগীয়া যে বেয়ার্ন মিউনিখে ক্রমাগতভাৱে অষ্টমবাৰৰ বাবে জার্মানীৰ প্রথম শ্রেণীৰ ফুটবল প্রতিযোগিতা বুণ্ডেছলিগাৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়৷ প্রতিযোগিতাখনত ডর্টমুণ্ডে দ্বিতীয় আৰু আৰবি লেইপজিগে তৃতীয় স্থান লাভ কৰে৷