নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত খোলা থাকিব এই ২৩টা পেট্র’ল পাম্প

ঘৰে ঘৰে যোগান ধৰিব ৰন্ধন গেছ চিলিণ্ডাৰ

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্রমণ ৰোধৰ বাবে কালি নিশা ১২ বজাৰ পৰা ১৪ দিনৰ বাবে গুৱাহাটী মহানগৰীত পুনৰ সম্পূর্ণ লকডাউন ঘোষণা কৰিছে চৰকাৰে৷ গুৱাহাটীত ভয়াৱহভাৱে ক’ভিড–১৯ৰ সামাজিক সংক্রমণ ৰোধৰ বাবে ১২ জুলাইলৈকে সম্পূর্ণ লকডাউনৰ পৰিপ্রেক্ষিতত যাতে অত্যাৱশ্যকীয় সেৱাসমূহ ব্যাহত নহয় তাৰ বাবে চৰকাৰৰ নির্দেশমর্মে জিলা প্রশাসনে ব্যৱস্থা গ্রহণ কৰিছে৷

আজি কামৰূপ মহানগৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে লকডাউনৰ সময়ছোৱাত গুৱাহাটী মহানগৰবাসীক ৰন্ধন গেছৰ চিলিণ্ডাৰ ঘৰে ঘৰে যোগান ধৰাৰ বাবে নির্দেশ জাৰি কৰে৷ শনিবাৰ আৰু দেওবাৰৰ বাহিৰে সপ্তাহৰ পাঁচোটা দিনত ৰন্ধন গেছৰ বিতৰকসকলে ঘৰে ঘৰে চিলিণ্ডাৰ যোগান ধৰিব লাগিব৷ ৰন্ধন গেছৰ বিতৰকসকলে কর্মচাৰীক দিয়া পৰিচয়–পত্রৰ জৰিয়তে ডেলিভাৰী বয়ে ঘৰে ঘৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰিব৷ গ্রাহকসকলেও অনলাইন বুকিঙৰ জৰিয়তেও ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং কৰিব লাগিব৷

২৯ জুনৰ পৰা ১২ জুলাইলৈকে এই ব্যৱস্থাৰে লকডাউনৰ সময়ছোৱাত ঘৰতে গ্রাহকসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব পাৰিব৷ একেদৰে কামৰূপ মহানগৰ জিলা প্রশাসনে গুৱাহাটী মহানগৰীত লকডাউনৰ সময়ছোৱাত ২৩টা পেট্র’লপাম্প খোলাৰ নির্দেশ জাৰি কৰিছে৷

এই পেট্র’ল পাম্পকেইটা ক্রমে টেপেচিয়াৰ আশা ফিলিং ষ্টেচন, সোণাপুৰৰ চান্দমল চেৰাউগী এণ্ড কোম্পানী, বশিষ্ঠ চাৰিআলিৰ দাস ছার্ভিচ, লখৰাৰ ছার্ভিচ ষ্টেচন, সাউকুছিৰ ভৱানী ছার্ভিচ ষ্টেচন, বেতকুছিৰ শ্বাগত আৰ অ’ আই এছ বি টি, বৰাগাঁৱৰ সৌগানী ছার্ভিচ ষ্টেচন, জালুকবাৰীৰ নর্থ ইষ্ট ছার্ভিচ ষ্টেচন, ধাৰাপুৰৰ প্রদীপ অয়ল ডিপো, লালমাটি এছ কে ছার্ভিচ ষ্টেচন, দিছপুৰৰ চাংগামল চেৰাউগী আৰু ছনছ, উলুবাৰীৰ থানচিং নাথমল আৰু চানমল চেৰাউগী, বেলতলাৰ সঞ্জীৱনী ফুৱেল পইণ্ট, জয়ানগৰৰ এন আৰ এল, জটিয়াৰ ভৈৰৱী ছার্ভিচ ষ্টেচন, আদাবাৰীৰ এন আৰ এল, লালগণেশৰ ভৰালী ছার্ভিচ ষ্টেচন, পল্টন বজাৰৰ চান্দমল চেৰাউগী এণ্ড কোম্পানী, নুনমাটিৰ জীয়াৰী, ভেটাপাৰাৰ কামাখ্যা এনার্জী পইণ্ট, জ্যোতিকুছিৰ এনার্জী ছার্ভিচ ষ্টেচন আৰু নাৰেংগীৰ ফৰেষ্ট গেটৰ মঠঘৰীয়া অট’ ছার্ভিচ পেট্র’ল পাম্প৷ লকডাউনৰ সময়ছোৱাত গুৱাহাটী মহানগৰীত থকা ৭২টা পেট্র’ল পাম্পৰ ভিতৰত এই ২৩টা পেট্র’ল পাম্প খোলা ৰখাৰ বাবে জিলা প্রশাসনে অনুমতি প্রদান কৰিছে৷

You might also like