নিয়মীয়া বাৰ্তা ৩ জুলাইঃ ৰাজ্যত এতিয়া বাৰিষা সময়৷ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ৷ চৰকাৰে যোগান ধৰিব পৰা নাই পৰ্যাপ্ত পৰিমানে বান সাৰ্হায্য৷ আনহাতে ক’ৰোনা মহামাৰীয়ে কোঙা কৰি পেলাই বহুতৰ আৰ্থিক অৱস্থা৷ এনেসময়ত বহুতৰ বাবে এসাজ খাই এসাজ যোগাৰ কৰাতো সমস্যা হৈছে৷ তাতে অসাধু ব্যবসায়ী মুনাফাৰ লোভত বৃদ্ধি কৰিছে নিত্যব্যৱহাৰ্য্য সামগ্ৰীৰ৷ যাৰ বাবে আজি খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত জোনাই আঞ্চলিক ছাত্ৰ সন্থাই জোনাইৰ ৰাংকপ তিনিআলিত যোগান মন্ত্ৰী প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যখনত মাধমাৰ সোধাই পুঁজিপতিক ৰঙা দলিচা পাৰি দিয়া কাৰ্যক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি আছুৱে হুংকাৰ প্ৰদান কৰিছে। লগতে ল’কডাউনৰ সময়ত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ নাটনি আৰু মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা ফণীভূষণ চৌধুৰীক কঠোৰ সমালোচনা কৰে। আৰু মুখ্য মন্ত্ৰীক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। আজি জোনাই ৰাংকপ তিনিআলিত দিনৰ ১ বজাত ৰূপায়ণ কৰা আছুৰ প্ৰতিবাদী কাৰ্যসূচীত কোনোপধ্যেই মূল্য বৃদ্ধি মানি লোৱা নহ’ব বুলি হুংকাৰ দি অসম চৰকাৰ কাম নাই, অসম চৰকাৰ গ বেগ , সৰ্বানন্দ সোনোৱাল হুচিয়াৰ, আছু জিন্দাবাদ আদি শ্ল’গান আওৰাই জোনাইৰ পৰিৱেশ উত্তাল কৰি তোলে ।