বানত দুই শিশুসহ চাৰিজনৰ সলিল সমাধি
২০ জিলাৰ ১,৬৩৬খন ৰাজহ গাঁও প্লাৱিতঃ খহনীয়াৰ কবলত চৰাইদেউ–মাজুলী–চিৰাং
নিয়মীয়া বাৰ্তা ৪ জুলাইঃ ৰাজ্যত অব্যাহত থকা বান বিভীষিকাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায়েই আছে৷ বান পৰিস্থিতি সামান্য উন্নত হ’লেও প্রান্তে প্রান্তে বাঢ়নী পানীয়ে প্রাণ কাঢ়ি নিছে কেইবাজনো লোকৰ৷ আজি বিভিন্ন স্থানত দুই শিশুসহ ৪জনৰ সলিল সমাধি ঘটিছে৷ প্রাপ্ত তথ্য অনুসৰি, ইয়াৰে কামৰূপ জিলাৰ শিঙিমাৰী পাকোৰকোণাৰ এজন, শুৱালকুছিত এজন, খোৱাঙত এটি কন্যা শিশু আৰু ছিপাঝাৰৰ গৰুখুঁটিত আন এটি শিশুৰ মৃত্যু ঘটিছে৷ মাছ মাৰিবলৈ গৈ বাঢ়নী পানীত পৰি মৃত্যুমুখত পৰা শিঙিমাৰীৰ পাকোৰকোণাৰ ব্যক্তিজন হৈছে মাধৱ কলিতা (৫২)৷ উত্তৰ পাকোৰকোণা নিৱাসী মাধৱ কলিতা আনদিনাৰ দৰে ক’লাজল নৈত কালি বিয়লি মাছ মাৰিবলৈ গৈছিল৷ তাৰ পিছতে তেওঁ নিৰুদ্দেশ হয়৷ পিছত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত দদৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলায় যদিও তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷ শুকুৰবাৰে হাজোৰ পৰা এছডিআৰএফে অনুসন্ধান চলাই তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই কন্যাক ইহসংসাৰত এৰি থৈ যায়৷ ইফালে মাছ মাৰিবলৈ গৈ দ–খাৱৈত পৰি মৃত্যুমুখত পৰে শুৱালকুছিৰ গন্ধমৌৰ দাসচুবাৰ যোগেশ কাকতিৰ পুত্র নগেন কাকতি (৩০)৷ শুৱালকুছি আৰক্ষীয়ে এছডিআৰএফৰ সহযোগত কাকতিৰ মৃতদেহ উদ্ধাৰ কৰে৷ তেওঁৰ লগত মাছ মাৰিবলৈ যোৱা ধনমণি দাস নামৰ যুৱকজনক স্থানীয় লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে ডিব্রুগড় জিলাৰ খোৱাং থানাৰ অন্তর্গত ১নং গৰৈমাৰী গাঁৱৰ এগৰাকী কন্যা শিশুৰ সলিল সমাধি ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ প্রাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে দুপৰীয়া সমনীয়াৰ সৈতে খেলি থকাৰ সময়তে খোৱাং জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুৰণি খেলপথাৰৰ কাষত থকা এটা দ নলাত পৰে শিশুটি৷ পিছত স্থানীয় লোকে আৰক্ষীক ঘটনা সন্দর্ভত অৱগত কৰে৷ আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে৷ বিদ্যালয়খনৰ পুৰণি খেলপথাৰখন ওখ কৰিবৰ বাবে বিগত কিছুদিনৰ পৰা খেলপথাৰখনৰ দাঁতিত দকৈ খাল খন্দা হৈছে৷ শেহতীয়াকৈ হোৱা নেৰানেপেৰা বৰষুণত এই খালটো পানীৰে ভৰি পৰাৰ বাবে দুর্ঘটনাটো সংঘটিত হয়৷ ছিপাঝাৰৰ গৰুখুঁটি অঞ্চলৰ শিলিখাতলতো শুকুৰবাৰে এটি শিশুৰ সলিল সমাধি ঘটে৷ ঘৰৰ চৌহদ স্পর্শ কৰা বাঢ়নী পানীত চুমন নাথ নামৰ তিনি বছৰীয়া শিশুটি আকস্মিকভাৱে পৰি যোৱাত তেওঁৰ মৃত্যু হয়৷ ফুলকুমলীয়া শিশুটিৰ মৃত্যুত সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে অঞ্চলটোত এতিয়াও অব্যাহত আছে জলপ্রলয়৷ বাঢ়নী পানীত যোগাযোগ বিচ্ছিন্ন হৈ পৰা অঞ্চলটোৰ বহুবিঘা ভূমি শস্য এতিয়াও পানীৰ তলতে আছে৷ অঞ্চলটোৰ স্থানীয় বিধায়ক বিনন্দ শইকীয়াই আজি বান পৰিস্থিতিৰ বুজ লয়৷ উল্লেখ্য যে সম্প্রতি ৰাজ্যৰ ২০খন জিলাৰ ৪৯টা ৰাজহ চক্র বাঢ়নী পানীত ক্ষতিগ্রস্ত হৈছে৷ মুঠ ১,৬৩৬খন ৰাজহ গাঁও এতিয়াও প্লাৱিত হৈ আছে৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ তথ্য অনুসৰি পানীত বুৰ গৈছে ৬৭,৬২৮ হেক্টৰ ভূমিৰ কৃষি৷ মুঠ ১৩,২৬,৮১৩ গৰাকী বাঢ়নী পানীত ক্ষতিগ্রস্ত হৈছে৷ প্রাধিকৰণৰ তথ্য অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যা আজিপর্যন্ত ৩৫গৰাকী৷ চৰাইদেউ, মাজুলী, চিৰাং জিলাত বাঢ়নী পানীৰ ফলত সৃষ্টি হৈছে খহনীয়াৰ৷ সমান্তৰালভাৱে বানপানীত প্লাৱিত হৈছে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান, মানস ৰাষ্ট্রীয় উদ্যান, পৱিতৰা অভয়াৰণ্য, ওৰাং ৰাষ্ট্রীয় উদ্যানৰ বৃহত্তৰ অঞ্চল৷
মানকাচৰত ব্রহ্মপুত্রৰ বুকুত জাহ গ’ল নৱনির্মিত উপ–স্বাস্থ্যকেন্দ্রসহ্ ১৭টা পৰিয়ালৰ ঘৰ
নিয়মীয়া বার্তা, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাত এতিয়াও ব্রহ্মপুত্র নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে সুখচৰ–বেৰাভাংগাত ভয়ংকৰ গৰাখহনীয়াৰ ফলত নতুনকৈ নির্মাণ কৰা উপ–স্বাস্থ্যকেন্দ্র মুকলি কৰাৰ পূর্বেই নদীৰ বুকুত জাহ যোৱাৰ লগতে ১৭টা পৰিয়ালৰ ঘৰ–দুৱাৰ নদীৰ বুকুত বিলীন হৈ যায়৷ উল্লেখ্য যে বিগত প্রায় ১৩–১৪ দিন ধৰি ব্রহ্মপুত্র নদীৰ বাঢ়নী পানীৰ ফলত দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ ৬২খন ৰাজহ গাঁৱৰ অধীনস্থ দুই শতাধিক গাঁও জলমগ্ণ হৈছে৷ বানৰ সমান্তৰালভাৱে মানকাচৰ ৰাজহ চক্রৰ অধীনস্থ সুখচৰ–বেৰাভাংগাত অব্যাহত আছে ব্রহ্মপুত্র নদীৰ ভয়ংকৰ গৰাখহনীয়া৷ যোৱা কিছুদিন পূর্বে স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ গাঁওখনত নির্মাণ কৰা উপ–স্বাস্থ্যকেন্দ্রটো অলপতে মুকলি কৰাৰ কথা আছিল৷ কিন্তু ভয়ংকৰ গৰাখহনীয়াৰ ফলত উপ–স্বাস্থ্যকেন্দ্রটোৰ্ প্রায় ৮০ শতাংশ গৃহ ব্রহ্মপুত্রৰ বুকুত বিলীন হৈ যায়৷ বানৰ মাজতে গাঁওখনত ১৭টা পৰিয়ালৰ ঘৰ–দুৱাৰ জাহ গৈছে৷ দিশহাৰা হৈ পৰা পৰিয়ালকেইটাই কোনোমতে মথাউৰিৰ ওপৰত আশ্রয় লৈছে৷ ভুক্তভোগী পৰিয়ালকেইটাই অভিযোগ কৰা মতে, বানৰ মাজত তেওঁলোকৰ ঘৰ–দুৱাৰ ব্রহ্মপুত্রৰ বুকুত জাহ গৈছে যদিও জিলা প্রশাসনৰ ফালৰ পৰা কোনো উদ্ধাৰৰ ব্যৱস্থা কৰা হোৱা নাই৷ ফলত নিজে নিজে নাও ভাৰা কৰি কোনোমতে সামগ্রীখিনি লৈ মথাউৰিত আশ্রয় লৈ থকা পৰিলক্ষিত হৈছে৷