ক’ভিড–১৯ক লৈ ভুৱা প্রচাৰৰ বাবে গুৱাহাটীৰ পৰিৱেশৰ অৱনতি ঘটিছে; একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে স্বাস্থ্যমন্ত্রীৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ গুৱাহাটী মহানগৰীৰ পৰিৱেশ অধিক ভয়াৱহ কৰি শেহতীয়াকৈ ক’ৰোনা আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱাৰ পাছতো একাংশ সংবাদ মাধ্যমত এই মহামাৰীক লৈ ভুৱা প্রচাৰ চলোৱা হৈছে৷ আজি এই অভিযোগ উত্থাপন কৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি এখন সংবাদ মেলত এই অভিযোগ উত্থাপন কৰি মন্ত্রী ড০ শর্মাই কয়– যিসকলে গুৱাহাটীত বা ৰাজ্যত ক’ৰোনা সৃষ্টি নোহোৱা বুলি প্রচাৰ চলাই আছে, তেওঁলোকক মই অনুৰোধ কৰিম আপোনালোকে অন্তৰ আত্মাক এবাৰ সুধি চাওক দৰাচলতে আপোনালোকে কি প্রচাৰ কৰি আছে৷ গুৱাহাটী মহানগৰীৰ এচাম লোকে ৰাজনৈতিক উদ্দেশ্যপ্রণোদিতভাৱে প্রচাৰ চলাইছে যে অসম চৰকাৰে পজিটিভ ৰোগীক নিগেটিভ আৰু নিগেটিভ ৰোগীক পজিটিভ সজাইছে৷ এইবিলাক প্রচাৰৰ কাৰণে মানুহ চিকিৎসালয়লৈ নহা হৈছে৷ কিন্তু যিসকলে সমালোচনা কৰে, তেওঁলোকো হয়তো আজি পজিটিভ হ’ব পাৰে৷ গতিকে সেইসকল প্রচাৰ মাধ্যমক বিনম্রতাৰে অনুৰোধ জনাওঁ সমগ্র বিষয় পৰীক্ষা কৰিহে প্রচাৰ কৰক৷
উল্লেখ্য যে গুৱাহাটীৰ ক’ভিড চিকিৎসালয়সমূহত চিকিৎসকৰ অভাৱ ঘটিছে, পৰিৱেশ লেতেৰা আৰু কর্দযময় বুলি যোৱা সময়ছোৱাত একাংশ সংবাদ মাধ্যমত অপপ্রচাৰ চলাই থকা হৈছে৷ আজি মন্ত্রীগৰাকীয়ে এই বিষয়টোক আঙুলিয়াই উল্লেখ কৰে যে এক নিৰাপদ দূৰত্বত থাকি এইধৰণৰ কথা কোৱাৰ পৰিৱর্তে তেওঁলোকে চিকিৎসালয়লৈ আহি পৰিৱেশ পৰীক্ষা কৰক৷ উল্লেখ্য যে স্বাস্থ্যমন্ত্রী ড০ শর্মাই নিজে কালি পি পি ই কিট পৰিধান কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত সোমাই ৰোগীৰ সৈতে বার্তালাপ কৰিছিল৷ আজি এই ভিডি’ প্রদর্শন কৰি তেওঁ সমালোচকসকলক ক’ৰোনাৰ সৈতে যুঁজি থকা লোকসকলক ওচৰৰ পৰা প্রত্যক্ষ কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয়–একাংশৰ বাবে ক’ভিড একো নহয় বুলি কোৱাৰ বাবেই আজি গুৱাহাটীৰ পৰিস্থিতি অধিক ভয়াৱহ হৈছে৷ ক’ৰোনা ভাইৰাছ সাধাৰণ চর্দি, কাহ বুলি প্রচাৰ চলাই থকাৰ ফলতে বহু লোকে এতিয়া পৰীক্ষা কৰিবলৈ বাদ দিছে৷ ভিতৰৰ পৃথিৱীখন কেনেকুৱা সেয়া এবাৰ প্রত্যক্ষ কৰাৰ প্রয়োজন এই সমালোচকসকলৰ বাবে৷ কিদৰে আই চি ইউত মৃত্যুৰ সৈতে সংগ্রাম কৰিব লগা হৈছে ক’ৰোনা আক্রান্তই৷ দুই–এটা ভুলৰ সুযোগ লৈ ছ’চিয়েল মিডিয়াত নানা ধৰণে ফটো আপলোড কৰা, ভিডি’ আপলোড কৰাৰ ফলত সাধাৰণ লোকৰ মাজত বিভ্রান্তি সৃষ্টি হৈছে৷ কিন্তু মানৱতাৰ বাবে স্বাস্থ্যকর্মী আৰু চাফাইকর্মীসকলে অভূতপূর্বভাৱে কাম কৰিছে, সেয়া কোনেও প্রত্যক্ষ কৰা নাই৷
ইফালে গুৱাহাটীত লকডাউন বৃদ্ধিৰ প্রসংগত স্বাস্থ্যমন্ত্রীগৰাকীয়্ উল্লেখ কৰে যে অহা ৯ জুলাইৰ পৰা গুৱাহাটীত ক’ৰোনা আক্রান্তৰ সংখ্যা হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ এই সময়ছোৱাত যদি ক’ৰোনা আক্রান্তৰ সংখ্যা হ্রাস নহয়, তেন্তে লকডাউন বৃদ্ধি হ’ব পাৰে৷ মন্ত্রীগৰাকীয়ে কয়– সোমবাৰৰ পৰা গেলামাল দোকানসমূহ খুলিব, কিন্তু সর্বসাধাৰণ ৰাইজ সজাগ হ’ব লাগিব৷ কিয়নো গেলামাল দোকানীজনো ক’ৰোনা আক্রান্ত হ’ব পাৰে৷ গতিকে সেই বিষয়বোৰ চাব লাগিব৷ মন্ত্রীগৰাকীয়ে আন এক তথ্য অনুসৰি প্রকাশ কৰা মতে, যোৱা ২৪ জুনৰ পৰা ৪ জুলাইলৈ ১০ দিনত কামৰূপ মহানগৰ জিলাত ২,৭৪১জন লোক সামাজিক সংক্রমণৰ দ্বাৰা আক্রান্ত হৈছে৷ সেইধৰণে নগাঁও জিলাত ৩০৪জন, শোণিতপুৰত ২২৩জন আৰু দৰং জিলাত ১১০জন লোক আক্রান্ত হৈছে৷