দুলীয়াজান সমষ্টিৰ বাট-পথৰ সমস্যাৰাজিক লৈ আছুৰ দুঘন্টীয়া প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ৬ জুন : দুলীয়াজান বিধানসভাৰ সমষ্টিৰ বাট-পথৰ সমস্যাৰাজিৰ উন্নয়ণৰ দাবীত আজি চহৰখনৰ মাজমজিয়া পিপলতল তিনিআলিত ছাত্ৰ সন্হাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
ডিব্ৰুগড় জিলা ছাত্র সন্হাৰ নিৰ্দেশমৰ্মে আৰু দুলীয়াজান আঞ্চলিক ছাত্র সন্হাৰ উদ্যোগত ৰূপায়িত এই দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচীত সমষ্টিৰ বিধায়ক তেৰছ গোৱালা আৰু ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ উন্নয়ণৰ ব্যৰ্থতাৰ দোহাই হাতে হাতে বিদ্ৰুপাত্মক প্লে-কাৰ্ড লৈ শাসনাধিষ্ঠ চৰকাৰ বিৰোধী শ্ল’গান জুৰে ।
আনহাতে সংগঠনৰ প্ৰতিবাদী সদস্যই কংগ্ৰেছ-বিজেপিৰ বোকা ছটিওৱা ৰাজনীতিৰ কাৰণতেই চহৰখনৰ মূল পথছোৱাত বৰপুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক অনিল গগৈ, ডিব্ৰুগড় জিলা সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱা, দুলীয়াজান আঞ্চলিকৰ সভাপতি -সম্পাদক ক্ৰমে বুবুল তালুকদাৰ আৰু দীপাংকৰ গগৈসহ অন্যান্য আছুৰ সদস্য ।