নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ বিশ্বজুৰি ক’ভিড–১৯ৰ সংহাৰ অব্যাহত আছে৷ মাৰাত্মক এই মহামাৰীত সমগ্র বিশ্বত আক্রান্ত লোকৰ সংখ্যা ১,২২,৫৭,৫১৮লৈ বৃদ্ধি পাইছে৷ ইফালে, এই ঘাতক ভাইৰাছে ইতিমধ্যে পৃথিৱীত প্রাণ কাঢ়িছে ৫,৫৪,০৬২গৰাকী লোকৰ৷ আমেৰিকাত শেহতীয়াকৈ ক’ভিড–১৯ৰ সংক্রমণৰ দ্বিতীয়টো জোৱাৰ আৰম্ভ হৈছে৷ দেশখনত ক’ভিড আক্রান্তৰ সংখ্যাই ৩১,৮০,০০০ অতিক্রম কৰিছে৷ ইফালে, প্রাণ হেৰুওৱা লোকৰ সংখ্যা দেশখনত বৃদ্ধি পাইছে ১,৩৫,২১১গৰাকীলৈ৷ লেটিন আমেৰিকাৰ ৰাষ্ট্র ব্রাজিলত ক’ভিডৰ সংক্রমণৰ ধুমুহা অব্যাহত আছে৷ আমেৰিকাৰ পাছতেই সর্বাধিক লোক আক্রান্ত হৈছে দেশখনত৷ ব্রাজিলত সংক্রমিত লোকৰ সংখ্যা ১৭,১৯,৬৬০লৈ বৃদ্ধি পোৱাৰ বিপৰীতে এতিয়ালৈকে দেশখনত ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈ মৃত্যুমুখত পৰিছে ৬৮,০৮৯গৰাকী লোক৷
ভাৰতত ক’ভিড–১৯ মহামাৰীত দ্রুত সংক্রমণ অব্যাহত আছে৷ দেশখনত এতিয়ালৈকে ৭,৯১,০০০ লোক এই ভাইৰাছৰবিধৰ দ্বাৰা আক্রান্ত হোৱাৰ উপৰি প্রাণ হেৰুৱাইছে ২১,৫৯২গৰাকীয়ে৷ তথাপি ভাৰতত চৰকাৰী সমীক্ষাই কিছু আশা কঢ়িয়াই আনিছে৷ বিশ্বৰ ভিতৰতে ভাৰতত প্রতি নিযুত জনসংখ্যাৰ বিপৰীতে মৃত্যুৰ হাৰ আটাইতকৈ কম বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ঘোষণা কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ তথ্য অনুসৰি প্রতি ১০ লাখ লোকৰ ভিতৰত ভাৰতত ক’ভিড–১৯ত আক্রান্ত হৈছে মাত্র ৫৩৮গৰাকী লোক৷ দেশখনত প্রতি ১০ লাখত ক’ৰোনাত মৃত্যু হোৱাৰ লোকৰ সংখ্যা মাত্র ১৫জন৷ কিন্তু পৃথিৱীৰ অন্য দেশত এই হাৰ ভাৰততকৈ ১০ গুণ বেছি৷
ইফালে, দেশখনত ক’ভিড–১৯ত মৃত্যু হোৱা ৫৩ শতাংশ ৰোগীৰ বয়স ৬০ বছৰৰ ঊর্ধ্বত বুলিও কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰিছে৷ স্বাস্থ্য মন্ত্রালয়ৰ বিষয়া ৰাজেশ ভূষণে উল্লেখ কৰা অনুসৰি ক’ভিড–১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্রত বিশ্বৰ অন্য দেশৰ তুলনাত ভাৰত বহুগুণে সফল হৈছে৷