নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিদলীত পুনৰ বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ চিৰাং জিলাৰ চিদলীত পুনৰ বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰা হৈছে । কালি নিশা প্ৰায় ৮ বজাৰ পৰা আজি পুৱা ৪:৩০ বজালৈ চলোৱা আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযানত এই বৃহৎ পৰিমাণৰ চোৰাং কাঠ খিনি উদ্ধাৰ কৰি জব্দ কৰা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত চিৰাং আৰক্ষীয়ে চিদলী থানাৰ  অন্তৰ্গত বামুণগাঁও আৰু গাৰলাবাৰীত অনুসন্ধান কৰি বৃহৎ পৰিমাণৰ চোৰাং কাঠ মজুত  ৰখা বুলি নিশ্চিত হয়। পাছত  চিদলী আৰক্ষীয়ে বন বিভাগক বিষয়টো সম্পৰ্কে অৱগত কৰে। আৰক্ষীয়ে বন বিভাগৰ সহযোগত হাবিত লুকুৱাই ৰখা চোৰাং কাঠ খিনি আজি পুৱতি নিশা দুখন ট্ৰেক্টৰ আৰু দুখন বলেৰো পিকআপ ভেনৰ সহায়ত লুকাই ৰখা স্থানৰ পৰা তুলি আনি নিজৰ জিম্মাত লয় । জব্দ কৰা চোৰাং কাঠখিনিৰ বজাৰ মূল্য ২ লাখ ৫০ হাজাৰ টকাৰ অধিক হ’ব বুলি চিৰাং জিলা বন বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদমাধ্যমক জানিবলৈ দিয়ে । চোৰাং কাঠ ব্যৱসায়ীয়ে চোৰাং কাঠখিনি জিলাখনৰ নাঙলভাঙা অঞ্চলৰ পৰা আনি উক্ত স্থানত মজুত কৰি ৰাখিছিল বুলি বন বিষয়া গৰাকীয়ে সন্দেহ প্ৰকাশ কৰে।।

You might also like