হাতীশিলাত ভয়ংকৰ ভূমিস্খলন ঃ যাতায়াত ব্যাহত
নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ‘নিয়মীয়া বার্তা’ৰ বাতৰিৰ সত্যাসত্য প্রমাণ কৰি কালি এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় পানীখাইতীৰ হাতীশিলা পাহাৰত৷ ভয়ংকৰ ভূমিস্খলনত মূল গড়কাপ্ঢানী পথৰ ওপৰতে পাহাৰৰ বৃহৎ ভূমি অংশ বাগৰি পৰি কিছু সময়ৰ বাবে যাতায়াত ব্যৱস্থা ব্যাহত হয়৷ অৱশ্যে লকডাউন আৰু চৌদিশে বানৰ তাণ্ডৱ চলি থকা পৰিপ্রেক্ষিতত বাহন আৰু পথচাৰী প্রায় নথকাত ভয়ংকৰ দুর্ঘটনাৰ পৰা ৰক্ষা পৰে বহু লোক৷ প্রাপ্ত তথ্য অনুসৰি, কালি প্রায় সন্ধিয়া পথৰ দাঁতিত থিয় হৈ থকা হাতীশিলা পাহাৰৰ এটা বৃহৎ অংশ আকস্মিকভাৱে পথৰ ওপৰত খহি পৰে৷ ফলত প্রায় বন্ধ হৈ পৰে গড়কাপ্ঢানী পথটো৷
সেই সময়ত কোনো লোক সেই স্থানত নথকাত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে যদিও যাতায়াত ব্যৱস্থা কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰে পথটোৰে৷ পিছত প্রশাসনৰ লোকে তৎপৰতাৰে পথটো মুকলি কৰি দিয়াত পুনৰ আৰম্ভ হয় যাতায়াত৷ উল্লেখ্য যে ভূমিস্খলন ঘটা স্থানত বিগত বহুদিনৰ পৰা ওচৰা–উচৰিকৈ পাহাৰৰ দুটা অংশ প্রায় ৯০ ডিগ্রী কোণত অৱস্থান কৰি থকাৰ ফলত সম্ভাব্য ভয়ানক ভূমিস্খলনৰ বিষয়ে এক বিস্তৃত বাতৰি ‘নিয়মীয়া বার্তা’ৰ ৬ জুলাইৰ সংখ্যাত প্রকাশ পাইছিল৷ বাতৰিটোত আনকি ইয়াৰ ভয়ানক দিশৰ আগজাননী দি প্রশাসনক শীঘ্রে ব্যৱস্থা গ্রহণৰ কথা উল্লেখ কৰা হৈছিল৷ কিন্তু বাতৰি প্রকাশৰ ৭ দিনলৈ প্রশাসনে কোনো পদক্ষেপ গ্রহণ নকৰাত কালি ভয়ংকৰ ভূমিস্ফখলন সংঘটিত হয়৷ মন কৰিবলগীয়া যে ইয়াৰ পিছতো পথৰ দাঁতিৰ দুটা অংশ অতি বিপজ্জনকভাৱে থিয় দি আছে৷ যিকোনো মুহূর্তত সংঘটিত হ’ব পাৰে আৰু অধিক ভয়ানক ভূমিস্খলনৰ ঘটনা, য’ত হ’ব পাৰে ধন–জনৰ হানি৷