নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন: হেঙেৰাবাৰীত কেবচালকৰ উত্তাল প্রতিবাদ

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা ক্রমশঃ লকডাউনত সর্বসাধাৰণ লোকৰ লগতে কেবচালক তথা মটৰ শ্রমিকসকলৰ জীৱিকা একপ্রকাৰ অচল হৈ পৰিছে৷ লকডাউনৰ লগতে অত্যাৱশ্যকীয় সামগ্রী আৰু পেট্র’ল–ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে কেবচালক তথা মটৰ শ্রমিকৰ লগতে অন্যান্য শ্রমিকসকলক মাধমাৰ শোধাইছে৷ চৰকাৰে লকডাউনৰ সময়ছোৱাত শ্রমিক তথা দৰিদ্র লোকসকলৰ বাবে বিভিন্ন পেকেজ ঘোষণা কৰিছে যদিও এই চৰকাৰী আঁচনিসমূহে কেবচালকসকলক সামৰি নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷

 বিভিন্ন দাবীৰ সমর্থনত হেঙেৰাবাৰীত অল আছাম কেব অপাৰের্টছ ইউনিয়নৰ সদস্যসকলে লকডাউনৰ নীতিৰ মাজতে সামাজিক দূৰত্ব বজাই ৰাখি প্রতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, প্লেকার্ড লৈ মটৰ শ্রমিকসকলক সাহায্য প্রদান কৰক, বাহনৰ ই এম আই এবছৰলৈ কটা বন্ধ কৰক, নথি–পত্র নৱীকৰণ এবছৰলৈ ৰেহাই দিয়ক, পেট্র’ল–ডিজেলৰ মূল্য হ্রাস কৰক, টোলগেট বন্ধ কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ একাংশ প্রতিবাদকাৰীয়ে কয় যে বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ আতংকই গ্রাস কৰি থকাৰ সময়তে সাধাৰণ লোকক মাধমাৰ শোধাই দিনকদিনে অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধিৰ সমন্তৰালভাৱে জীৱন ধাৰণৰ লগত ওতপ্রোতভাবে জডিত পেড্র’ল–ডিজলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সকলো শ্রেণীৰ লোককে জুৰুলা কৰিছে৷ বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য হ্রাস হোৱাৰ পাছতো আমাৰ ভাৰতবর্ষত প্রতিদিনে পেড্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হৈয়ে আছে৷ ফলস্বৰূপে সাধাৰণ জনতাৰ অৱস্থা প্রতিদিনে বেয়াৰ দিশে গতি কৰিছে৷ জনসাধাৰণক সকাহ দিব নোৱাৰা সাধাৰণ কৃষক শ্রমিক আৰু মটৰ শ্রমিকৰ ঋণ ৰেহাই দিব নোৱাৰা চৰকাৰে বৃহৎ পুঁজিপতিক গোষ্ঠীক কোটি কোটি টকাৰ ঋণ ৰেহাই দিয়াটো এক নজিৰবিহীন ঘটনা৷ কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে দেশৰ সাধাৰণ জনতাক সময়ে সময়ে দি অহা প্রতিশ্রুতি পালনত ব্যর্থ হোৱাৰ সমন্তৰালভাৱে বিভিন্ন ক্ষেত্রৰ মটৰ শ্রমিকসকলক আর্থিক সাহায্য প্রদানৰ যি প্রতিশ্রুতি দিছিল সেয়া কার্যক্ষেত্রত ৰূপায়ণ কৰা দেখা নগ’ল৷

কিছুমান কেব্চালক উপায়ান্তৰ হৈ নিজৰ বাহনখনতে শাক–পাচলি, মাছ–মাংস বিক্রী কৰিবলৈ আৰম্ভ কৰে যদিও পুলিচ প্রশাসনে বাহনসমূহ জব্দ কৰিলৈ যায়৷ চৰকাৰে লকডাউন বৃদ্ধি কৰিব লাগে নে নালাগে নাগৰিক সমিতিৰ লগত আলোচনা নকৰি শ্রমিকসকলৰ লগতহে আলোচনা কৰি সিদ্ধান্ত ল’ব লাগিছিল৷ বর্তমান ক’ৰোনা মহামাৰীতকৈ লকডাউনৰ ভয়াৱহতাই মটৰ শ্রমিকক শংকিত কৰি ৰাখিছে৷

You might also like