আঞ্চলিক এখন বিয়াৰ পৰাই ১৫জনলৈ মাৰাত্মক ক’ভিড By নিয়মীয়া বাৰ্তা On Jul 17, 2020 Share নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ নজিৰবিহীনভাৱে লখিমপুৰত আজি দিনটোৰ ভিতৰতে ৬২জনকৈ লোক ক’ভিড–১৯ পজিটিভ ৰূপে চিনাক্ত হৈছে৷ পুৱাবেলা অহা এ এম চিৰ ৰিপ’টত ৪৫জন লোক পজিটিভ বুলি চিনাক্ত হোৱাৰ পাছত বিয়লি পুনৰ ১২জন আৰু সন্ধিয়া ৫জন পজিটিভ বুলি চিনাক্ত হয়৷ উল্লেখ্য যে কালি চিনাক্ত হোৱা ১৫জন লোককে ধৰি ২৪ ঘণ্টাত জিলাখনত ৭৭জন লোক ক’ভিড–১৯ পজিটিভ বুলি চিনাক্ত হৈছে৷ জিলাখনত ক’ভিড–১৯ পজিটিভ লোকৰ সংখ্যা ৩২১ হৈছেগৈ৷ উল্লেখ্য যে জিলাখনত কেইবাটাও স্থানৰ পৰা শেহতীয়াকৈ সংক্রমণ ব্যাপক হাৰত হোৱাৰ বাবে প্রশাসনে চাৰিটা স্থানক কনটেইনমেণ্ট জ’ন ৰূপে ঘোষণা কৰি সংক্রমণ ৰোধৰ প্রয়াস কৰিছে৷ পিছে এনে স্থানসমূহৰ পৰা পূর্বেই সংক্রমণ ঘটা লোকৰ তালিকা নিতৌ ওলাব ধৰিছে৷ বিশেষকৈ ৰে’লৱে কলনী, বৰমূৰীয়া আদিৰ পৰা সংক্রমণৰ খবৰ আহি আছে৷ চাবতিস্থিত সেনা ছাউনীতো সংক্রমণ ঘটিছে৷ ইতিমধ্যে চাৰিজনকৈ জোৱান ক’ভিড–১৯ পজিটিভ ৰূপে পোৱা হৈছে৷ শেহতীয়াকৈ নগৰৰ সমীপৰ গড়েহগা অঞ্চলৰ পৰা ব্যাপক হাৰত সংক্রমণ ঘটিছে৷ উক্ত এলেকাত যোৱা দুই জুলাইত সম্পন্ন হোৱা দুখন বিয়াৰ পৰাই এই সংক্রমণ ঘটিছে৷ অনুজ ভূঞা আৰু আন এটা পৰিয়ালত বিয়া দুখন সম্পন্ন হৈছিল৷ ইয়াৰে এখন বিয়ালৈ এগৰাকী মহিলা গৈছিল বৰমূৰীয়া এলেকাৰ পৰা৷ মহিলাগৰাকীয়ে ছোৱাব পৰীক্ষাৰ বাবে দিছিল যদিও বিয়াৰ পৰা ঘূৰি অহাৰ পাছতহে তেওঁৰ পজিটিভ ৰিপ’ট আহে৷ সেই অনুসৰি বিয়া সম্পন্ন হোৱা পৰিয়ালৰ লোকসকলে ছোৱাব পৰীক্ষা কৰে আৰু আজি উক্ত পৰিয়ালটোৰ ১৫জন পজিটিভ বুলি চিনাক্ত হয়৷ আনহাতে, আন বহুজনৰ ৰিপ’ট আহিবলৈ বাকী আছে৷ জিলাখনত এনে ব্যাপক গণ সংক্রমণৰ বাবে আজি উপায়ুক্তই স্বাস্থ্য বিভাগৰে বৈঠকত মিলিত হৈ সামগ্রিক পৰিস্থিতি পর্যালোচনা কৰে৷ আনহাতে, ক’ৰোনা সংকটকালৰ নিয়ম–নীতি উলংঘা কৰি বিবাহ সম্পন্ন কৰাৰ বাবে প্রশাসনে পৰিয়াল দুটাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ প্রস্তুতি চলোৱা বুলি জানিব পৰা গৈছে৷ Featured Share