নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধানঃ বিজ্ঞানৰ অনলাইন ক্লাছৰ মাজতে হঠাৎ চলিল ব্লু ফিল্ম, তদন্ত আৰম্ভ

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ সমগ্ৰ বিশ্বতে ক’ৰোনা মহামাৰীৰ বাবে সকলো স্তব্ধ হৈ পৰিছে । যাৰ বাবে দেশত চলি থকা এনে এক জটিল সময়ত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীসমূহক অনলাইনযোগে শিক্ষাদানৰ ব্যৱস্থা কৰিছে ।

অনলাইন শিক্ষাদানৰ মাজতে উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক আচৰিত কাণ্ড । উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এখন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ অনলাইন বিজ্ঞান বিষয়ৰ পাঠদান চলি থকাৰ মাজতে কোনোৱে ব্লু ফিল্ম চলাই দিয়ে । এই অভিযোগ গৈ চাইবাৰ চেলৰ কাষ পোৱাৰ পাছতে আৰক্ষীয়ে তদন্ত অভিযান আৰম্ভ কৰে।

পাছত তদন্তৰ অন্তত পোৱা খবৰ মতে, স্কুলখনৰ সেই অনলাইন ক্লাছৰ গ্ৰুপটোৰ নম্বৰসমূহ পৰীক্ষা কৰোতে অনলাইন ক্লাছৰ সময়ত এনে অপকৰ্ম কৰা নম্বৰটো এজন ছাত্ৰৰ বুলি চিনাক্ত হয় । কিন্তু সেই ছাত্ৰজনে এই অপকৰ্ম কৰা নাই বুলি বাৰম্বাৰ আৰক্ষীৰ আগত কয় ।

উল্লেখ্য যে চাইবাৰ চেলে জনোৱা মতে, দৈনিক এনে ঘটনা পোহৰলৈ আহি আছে । য’ত বহুবাৰ আচৰিত কৰি তুলা কিছুমান তথ্য পোহৰলৈ আহিছে । ইয়াৰ কাৰণ অনলাইন পাঠদানত ব্যৱহাৰ হোৱা এপ সমূহৰ চিকুইৰিটি ফিচাৰ বুলি তেওঁলোকে কব খোজে । লগতে ফোন হেক কৰি চাইবাৰ অপৰাধীসকলে এনেদৰে অপৰাধজনিত ঘটনা সংঘটিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মন বিচলিত কৰিব খোজে ।  ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

চাইবাৰ অপৰাধীৰ পৰা ল’বলগীয়া সাৱধানতা-

  • চাইবাৰ অপৰাধীৰ পৰা নিৰাপদ হ’বলৈ সন্দেহজনক ৱেব পেজ, ই মেইল আদি কেতিয়াও নুখুলিব
  • নিজৰ ই মেইল, ছ’চিয়েল মিডিয়া একাউণ্টত কঠিন পাছৱৰ্ড লগাওক
  • নিজৰ শিশুৱে অনলাইন ক্লাছ কৰাৰ সময়ত মন দিয়ক

 

(উৎস- লাইভ হিন্দুস্তান)

You might also like