বানবিধ্বস্ত অসমক সহায় কৰাৰ আহ্বান ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্রীৰ
নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ অসমৰ বন্যার্তক সহায় কৰাৰ আহ্বান জনালে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্রীয়ে৷ বানবিধ্বস্ত অসমৰ ওপৰত অচিৰেই গুৰুত্ব আৰোপ কৰিব লাগে বুলি উল্লেখ কৰি ভাৰতীয় ফুটবল দলটোৰ অধিনায়ক সুনীল ছেত্রীয়ে শুকুৰবাৰে কয় যে পূর্বোত্তৰ ৰাজ্য অসমৰ বহুকেইখন জিলা এতিয়া পানীৰ তলত৷ এই বানত এতিয়ালৈকে বহুকেইজন লোকে প্রাণ হেৰুৱাৰ লগতে সহস্রাধিক লোক গৃহহীন হৈ পৰিছে৷ ২৬খন জিলাৰ প্রায় ৪০ লাখ লোক বানৰ কবলত পৰা বুলি উল্লেখ কৰি সুনীল ছেত্রীয়ে কয় যে ক’ৰোনাৰ ভয়াৱহতাৰ মাজতে আমি সকলোৱে বানবিধ্বস্ত অসমক সহায় কৰাৰ প্রয়োজন৷ ছ’ছিয়েল মিডিয়া টুইটাৰত তেওঁ এইবুলিও উল্লেখ কৰে যে বানবিধ্বস্ত অসমৰ প্রতি বিশেষ গুৰুত্ব দিয়াটো প্রয়োজন হৈ পৰিছে৷ অসমক বানৰ পৰা উদ্ধাৰ কৰাৰ বাবে আমাৰ সকলোৰে সহায়ৰ প্রয়োজন৷
ইপিনে, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানখনৰো ৯০ শতাংশ জলমগ্ণ হৈ পৰিছে আৰু ইয়াৰ ফলত জীৱ–জন্তুবোৰৰ আলৈ–আথানি নোহোৱা হৈছে বুলি ভাৰতীয় ফুটবল দলটোৰ অধিনায়কগৰাকীয়ে মন্তব্য কৰে৷ মন কৰিবলগীয়া যে অসমৰ বানৰ প্রতি নজৰ ৰখা সুনীল ছেত্রীয়েই হ’ল ক্রীড়া জগতখনৰ একমাত্র খেলুৱৈ৷ ইফালে, ইংলেণ্ডৰ জনপ্রিয় ফুটবল ক্লাব আর্ছেনালেও বানবিধ্বস্ত অসমৰ প্রতি সহানুভূতি দেখুৱাইছে৷ যোৱা ১৭ জুলাইত আর্ছেনালৰ ইনষ্টাগ্রামত ৫ ছেকেণ্ডৰ এটা ভিডি’ আপলোড কৰা হৈছে, য’ত অসমীয়াতে লিখিছে– ‘আমি আছোঁ আপোনালোকৰ লগত৷’