নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ বানক্ষতিগ্ৰস্ত এলেকাত বিধায়কৰ সাহাৰ্য্য

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ   শেহতীয়া বান পৰিস্থিতিত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ছিপাঝাৰৰ গৰুখুটি অঞ্ছলৰ কেইবাটাও পৰিয়ালৰ মাজত আজি সাহাৰ্য সামগ্ৰী বিতৰণ কৰে সমষ্টিটোৰ যূৱ মৰ্চাৰ কৰ্মী সকলে।গৰুখুটি অঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ৰূপহীচক, দোসোতনী আৰু সোণাৰীবস্তিৰ কেইবাটাও পৰিয়ালৰ মাজত চাউল,দাইল,চেনী,মিঠাতেল, চাহপাত,চিৰা,মম,চাবোন,নিমখকে ধৰি নিত্য ব্যৱহৃত সামগ্ৰীৰ একোটাকৈ টোপোলা প্ৰদান কৰা হয়।

উল্লেখযোগ্য বানক্ষতিগ্ৰস্ত এলেকাত ইতিমধ্যেই চৰকাৰী ভাবে সাহাৰ্য্য প্ৰদান কৰা হৈছে যদিও অত্যাধিক ক্ষতিগ্ৰস্ত পৰিয়াল সমুহক সমষ্টি টোৰ বিধায়ক বিনন্দ কুমাৰ শ‌ইকীয়াই নিজাববীয়াকৈ প্ৰদান কৰিছে সাহাৰ্য্য।ছিপাঝাৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ যূৱ মৰ্চাৰ সম্পাদক দীপাংকৰ নাথ আৰু পাথৰিঘাট মণ্ডল যূৱমৰ্চাৰ সভাপতি ভূষণ ডেকাৰ নেতৃত্বত যূৱমৰ্চাৰ এটা গোটে সংশ্লিষ্ট এলেকাত বিধায়কৰ হৈ বিতৰণ কৰে এই সাহাৰ্য।উল্লেখযোগ্য যে ইতিমধ্যে পাথৰিঘাটৰ আলিখাপাৰাতো বিতৰণ কৰা হৈছিল এই সাহাৰ্য্য।

You might also like